ভাৰতবৰ্ষৰ এক বৃহৎ ব্যৱসায়িক সংস্থা ৰিলায়েন্স ৷ তাৰেই এটা ভাগ ৰিলায়েন্স ট্ৰেণ্ড ৷ বিহু-পূজা বা দৈনন্দিন ব্যৱহাৰৰ বাবে কাপোৰ কিনাৰ কথা আহিলে নৱ প্ৰজন্মই ভাল পোৱা ব্ৰেণ্ডটোৱেই হৈছে ট্ৰেণ্ডচ্ ফেশ্বনৰ বস্ত্ৰ ৷
পিছে লকডাউনৰ সময়চোৱা স্থবিৰ হৈ ৰোৱা ব্যৱসায়ৰ পিছত ক’ভিড প্ৰ’টকল মানি চলি মল সমূহো খুলিবলৈ অনুমতি দিলে ৷
কিন্তু ৰিলায়েন্সে আৰম্ভ কৰিছে এক নতুন ব্যৱসায়িক কৌশল ৷ এই কৌশল প্ৰয়োগ কৰিছে মাস্কৰ ব্যৱহাৰত ৷
বৰ্তমান সমগ্ৰ দেশতেই ব্যৱহাৰ হৈ থকাৰ লগতে ক’ভিড সেৱাত ব্যস্ত স্বাস্থ্য কৰ্মী সকলকো চৰকাৰে যোগান ধৰিছে N 95 মাস্ক ৷ কিন্তু ৰিলায়েন্স ট্ৰেণ্ডৰ কৰ্মীসকলে সৰ্বত্ৰ চলিত মাস্ক পৰিধাণ কৰি অহা লোকক মলৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে আৰু সোমাব বিচৰাসকলক ৰিলায়েন্সৰ মলত বিক্ৰী হৈ থকা ১০টকীয়া মাস্ক কিনি লৈ সোমাব পাৰিব বুলি জনায় ৷ এই সন্দৰ্ভত আপত্তি কৰিছে বহু ক্ৰেতাই ৷