ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : অসমীয়াৰ আপোন কাতি বিহুৰ পৰম্পৰাক অটুট ৰখাৰ লক্ষ্যৰে নগাঁও চহৰৰ দাঁতিকাষৰীয়া তেলিয়াপহুকটা গাঁৱৰ যুৱক বৃন্দই আজি সন্ধিয়া অজস্ৰ গচি বন্তি প্ৰজ্বলনৰে পোহৰাই তুলিলে সমগ্ৰ অঞ্চলটি।
টেলিয়াপহুকটা গাঁৱৰ যুৱক প্ৰদীপ বৰাৰ উদ্যোগত গাঁৱৰ যুৱক সকলে কাতিবিহুৰ পৰম্পৰা উদযাপন কৰাৰ লগতে গাঁৱৰ কণ কণ শিশু সকলৰ দ্বাৰা পৰিৱেশন কৰিলে গুৰুজনাৰ সত্ৰীয়া সংস্কৃতি।
তেলিয়াপহুকটা গাঁৱৰে শংকৰী কলা কৃষ্টিৰ কেন্দ্ৰ সুৰতৰু বিদ্যালয়ৰ দ্বাৰা শিশু আৰু কিশোৰ-কিশোৰী সকলৰ দ্বাৰা পৰিৱেশিত সত্ৰীয়া অনুষ্ঠানে উপস্থিত সকলোকে মুগ্ধ কৰে।