ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি কংগ্ৰেছৰ অন্যতম শক্তিশালী নেতা তথা চামগুৰি সমষ্টিৰ একচ্ছত্ৰী সম্ৰাটৰূপে পৰিগণিত ৰকিবুল হুছেইনৰ দুৰ্গত নিৰ্বাচনী ৰণডংকা বজায় বিজেপিয়ে৷ চামগুৰি সমষ্টিৰ শালপাৰাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, “দশকৰ পিছত দশক ধৰি অৱহেলিত হৈ অহা সংখ্যালঘু ৰাইজৰ সৰ্বাঙ্গীণ উন্নয়নৰ ক্ষেত্ৰত আমি সম-মৰ্যাদাৰে কাম কৰিছোঁ। কিয়নো ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতি হৈছে আমাৰ শক্তিশালী মূলমন্ত্ৰ৷” তেওঁ লগতে কয়, “বিজেপিৰ নেতৃত্বত সম-উন্নয়নৰ যাত্ৰাৰ প্ৰতি জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৰে অটুট বিশ্বাস দেখি আপ্লুত হৈছোঁ৷”
উল্লেখ্য যে উক্ত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুখতাৰ হুছেইন খান প্ৰমুখ্যে জ্যেষ্ঠ কাৰ্যকর্তাসকল।













