
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও : নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও নিৱাসী বিশিষ্ট সমাজকৰ্মী, সাহিত্যনুৰাগী, গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হোমেশ্বৰ দেৱশৰ্মা (৮২)ৰ হৃদৰোগত আক্ৰান্ত হৈ যোৱা নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ একান্ত অনুগামী হোমেশ্বৰ দেৱশৰ্মা নগাঁৱৰ বিভিন্ন সামাজিক আৰু সাহিত্যানুষ্ঠানৰ লগত জড়িত হৈ নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। গড়কাপ্তানী বিভাগৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁও সংমণ্ডলৰ উচ্চবৰ্গৰ সহায়ক পদৰ পৰা অৱসৰ গ্ৰহণ কৰা হোমেশ্বৰ দেৱশৰ্মা অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আছিল ।
তেওঁ নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য, নগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক, স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰাক্তন যুটীয়া সম্পাদকৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ বিভিন্ন দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্হাৰ লগত ওত:প্ৰোতভাৱে জড়িত হোমেশ্বৰ দেৱ শৰ্মাই মৃত্যুৰ মুহূর্তলৈকে অৱসৰপ্রাপ্ত কৰ্মচাৰী সন্হাৰ উপসভাপতি, নগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক আৰু শ্ৰীমন্ত শংকৰ মিছনৰ কোষাধ্যক্ষ পদত কার্যনির্বাহ কৰি আছিল।
যোৱানিশা আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা হোমেশ্বৰ দেৱশৰ্মাৰ নশ্বৰ দেহ আজি নগাঁও সাহিত্য সভাৰ কাৰ্যালয়, অৱসৰপ্রাপ্ত কৰ্মচাৰী সন্হাৰ কাৰ্যালয়, শ্ৰীমন্ত শংকৰ মিছনলৈ আনি অনুষ্ঠানসমূহৰ প্ৰতিনিধি সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ভৱেশ মেধি, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, শ্ৰীমন্ত শংকৰ মিছনৰ সভাপতি ডাঃ ধীৰেন বৰকাকতি, সম্পাদক বল্লদেৱ শৰ্মাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে হোমেশ্বৰ দেৱশৰ্মাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । হোমেশ্বৰ দেৱশৰ্মাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে।
হোমেশ্বৰ দেৱশৰ্মাৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকী, নগাঁও জিলা সাহিত্য সভা, নগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন, শ্ৰীমন্ত শংকৰ মিছন, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি, নগাঁও অৱসৰপ্রাপ্ত কৰ্মচাৰী সন্হাকে ধৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ আৰু তিনিগৰাকী কন্যাসহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় । আজি হয়বৰগাঁও শ্মশানত হোমেশ্বৰ দেৱশৰ্মাৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন হয়।













