ষ্টাফ ৰিপ’ৰ্টাৰ:
হোজাইত নৃশংস হত্যাকাণ্ড; পত্নীক দাৰে ঘপিয়াই স্বামীয়ে হত্যা কৰিলে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পূব যমুনা গাওঁত। গাওঁখনৰেই বাসিন্দা নুৰু মিঞা নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে পত্নীক।
ঘৰুৱা সামান্য কথাত কটাকটি হোৱাৰ ফলতেই এনে ঘটনা সংঘটিত হয়। পেছাত এজন খেতিয়ক নুৰু ইছলামে দাৰে বাৰম্বাৰ পত্নীক ঘাপ মাৰি পলাবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে অভিযুক্তক এজোপা গছত বান্ধি উধ্যম-মধ্যম শোধায়।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নুৰ মিঞাক উদ্ধাৰ কৰাৰ লগতে নিহত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণাৰ ব্যৱস্থা কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত দাখন উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।













