নিউজ ডেস্কঃ
দুর্গা পূজাৰ আৰম্ভণিতেই ভাল খবৰ শুনালে সঞ্জয় দত্তই। হাওঁফাওঁৰ কেন্সাৰক পৰাস্ত কৰিছে বলিউডৰ ‘মুন্নাভাই’-এ। বুধবাৰে নিজৰ টুইটাৰ হেণ্ডেলত এই কথা জনাইছে খেয়ালী মনৰ অভিনেতাজনে।
উল্লেখ্য যে ১১ আগষ্টত টুইটাৰযোগে তেওঁ ঘোষণা কৰিছিল চিকিৎসাৰ বাবে চিনেমা আৰু অন্যান্য কামৰ বাবে কিছু সময়ৰ বাবে তেওঁ বিৰতি লৈছে। হাওঁফাওঁৰ কেন্সাৰত আক্রান্ত হৈছিল সঞ্জয় দত্ত।
আমেৰিকা, ছিঙ্গাপুৰত চিকিৎসা কৰোৱাৰ কথা শুনা গৈছিল যদিও মুম্বাইতে আৰম্ভ হয় সঞ্জয় দত্তৰ চিকিৎসা। দুটা কেমোথেৰাপি দিয়া হৈছে অভিনেতাগৰাকীক।
কিন্তু তাৰ মাজতে খবৰ বিয়পি পৰে, সঞ্জয় এই পৃথিৱীত মাত্ৰ ছয়মাহৰ আলহী! মঙ্গলবাৰে সেই গুজৱ নস্যাৎ কৰি সংবাদ সংস্থা পিটিআইক সঞ্জয় দত্তৰ পৰিয়ালৰ তৰফৰ পৰা জনায়, অভিনেতাগৰাকী ভালে আছে। এক ৰিপোৰ্টৰ অপেক্ষাত আছে৷
বুধবাৰে সেই ৰিপোর্ট হয়তো সঞ্জয় দত্তৰ হাতলৈ আহে। ছচিয়েল মিডিয়াত অনুৰাগীসকলক সুখবৰ জনাবলৈ অলপো সময় পলম নকৰে বলিউডৰ ‘সঞ্জু বাবা’ই। বিবৃতি জাৰি কৰি জনায়, ২১ অক্টোবৰত পুত্ৰ-জীয়ৰীৰ জন্মদিনত ইয়াতকৈ ভাল উপহাৰ তেওঁ আৰু দিব নোৱাৰে। নিজৰ সুস্থতাৰ বাবে মুম্বাইৰ কোকিলাবেন হস্পিটেলৰ চিকিৎসক ডাঃ ছেৱাণ্টি আৰু বাকী স্বাস্থ্যকর্মীসকলক ধন্যবাদ জনায় চল্লু ভাইয়ে। ইয়াৰ পূৰ্বে এক ভিডিও বার্তাত সঞ্জয় দত্তই জনাইছিল, এইবাৰ কামলৈ উভতিব ওলাইছে তেওঁ। নৱেম্বৰত আৰম্ভ কৰিব ‘কেজিএফ চেপ্টাৰ ২’ৰ শ্বুটিং।