ষ্টাফ ৰিপ’ৰ্টাৰ:
সূদীৰ্ঘ ৬ মাহৰ অন্তত সন্ধানহীন পুত্ৰৰ সন্ধান লাভ কৰিলে পিতৃ-মাতৃয়ে। পুত্ৰক বিচাৰি উলিওৱাত এইবাৰ সহায় কৰিলে চচিয়েল মিডিয়াই।
“লক-ডাউন” ৰ মাজতেই অৰ্থাৎ যোৱা মে’ মাহৰ ১৪ তাৰিখে বৰপেটা আৰক্ষীয়ে ১৫ বছৰীয়া আবুল হুচেইন উদ্ধাৰ কৰিছিল কিন্তু নাবালক গৰাকীয়ে নিজ বিষয়ে কোনো ধৰণৰ তথ্য দিব নোৱাৰাত শিশুটোক বৰপেটা জিলাৰ শিশু কল্যাণ সমিতি তথা জিলা কল্যাণ বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাত ভৱানীপুৰৰ কঁহৰাস্থিত চাইল্ড কেয়াৰ ইনষ্টিটিউটৰ তত্ত্বাৱধানত ৰখা হৈছিল।
কিন্তু কিছুদিন পূৰ্বে মনিৰুজ জামানে ফেচবুকত শিশুটোক উদ্দেশ্যি এটা পোষ্ট কৰে আৰু এই পোষ্টটোৱে ভাইৰেল হোৱাত নাবালক জনৰ পিতৃ-মাতৃ বিচাৰি পায় নিজ সন্তানক।
তথ্যনুসৰি, নাবালকজন বঙাইগাঁৱৰ মানিকপুৰ আৰক্ষী থানাৰ খুৰ্ছামাৰী গাঁৱৰ ৰহিম আৰু কুলছুমা বিবিৰ সন্তান। হেৰোৱা পুত্ৰক ঘূৰাই পাই পিতৃ-মাতৃ আনন্দিত হৈ পৰে।













