ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত ভয়ংকৰ ঘটনা। চাৰি যুৱকে লখিমপুৰ অভিমুখী দুজন ব্যৱসায়ীক অপহৰণ কৰি ইটাভাটাৰ সমুখত বান্ধি থৈ নিৰ্যাতন চলায়। মাজ নিশা এখন হোণ্ডা চিটি বাহনত অপহৰণ কৰি ব্যৱসায়ীক অহৰহ নিৰ্যাতন চলাই চাৰি অভিযুক্তই।
প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে দুই ব্যৱসায়ীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও চাৰি অভিযুক্ত ক্ৰমে মহম্মদ চাহানুজ হুছেইন (২৭), আবাদুল হুছেইন (৬৫), মহম্মদ চাৰাউদ্দিন আলী (২৭) আৰু মহম্মদ চমিৰ আনচাৰি (৪৪) ক ভাৰতীয় দণ্ডবিধী আইনৰ ৩৪২/৩৮৭/৩২৫/৫০৬/৪২৭/৩৪ ধাৰাৰ অধীনত ২৩৩/২০ নং গোচৰ পঞ্জীয়ণ কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, ইটাভাটাটোৰ মালিক মহম্মদ আবাদুল হুছেইনসহ চাৰিওজন যুৱকে আৰক্ষীকো আক্ৰমণ কৰিছিল। আক্ৰমণৰ ফলত আৰক্ষী SI দিব্যজ্যোতি কোঁৱৰসহ আন এজন কনিষ্টবল আহত হোৱাৰ লগতে আৰক্ষীৰ পিষ্টল কাঢ়ি ল’বলৈ চেষ্টা কৰিছিল। অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে চাৰিওজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা লগতে অপহৃত যুৱক দুজনক মোকলাই আনিবলৈ সক্ষম হয়।













