ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ পৰিবেশ পুনৰ অৱনতি ঘটিছে। ৰাজ্য দুখনৰ শীৰ্ষ বিষয়া পৰ্যায়ৰ বৈঠক তথা কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ সত্ত্বেও পৰিস্থিতি উত্তেজনাময় হৈয়ে আছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা অসম-মিজোৰাম সীমান্তৰ দলাশাল প্ৰাথমিক বিদ্যালয়খন দুৰ্বৃত্তই বোমাৰে ধ্বংস কৰে। জানিব পৰা মতে, বিদ্যালয়খন অৱস্থিত চেওৰাতল গাঁও পঞ্চায়তৰ অধীনস্থ খুলিচৰা অঞ্চলটো দীৰ্ঘদিনৰ পৰা মিজো দুৰ্বৃত্তই দখল কৰি আছে।
ঘনাটোৱে সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনা সৃষ্টি কৰে যদিও বিস্ফোৰণ সংঘটিত হোৱাৰ ১৬ ঘণ্টাৰ পিছতো অসম আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই বুলি খবৰ প্ৰকাশ। ঘটনা সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটযোগে গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাৰ দৃষ্টিগোচৰ কৰিছে।