নিউজ ডেক্স:
দিনক দিনে বৃদ্ধি পাইছে পিঁয়াজৰ দাম৷ জনসাধাৰণৰ মাজত আলোচ্যৰ বিষয়, পুনৰ শতক মৰাৰ দিশত আগবাঢ়িছে নেকি পিঁয়াজৰ দাম৷ সম্প্ৰতি পিঁয়াজৰ দাম বৃদ্ধি পোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে পিঁয়াজৰ দাম নিয়ন্ত্ৰণত কেন্দ্ৰই সম্প্ৰতি সংশোধিত অত্যাৱশ্যকীয় পণ্য আইন প্রয়োগ কৰিছে৷ কেন্দ্ৰই এই আইন প্রয়োগ কৰি ঘোষণা কৰিছে যে খুচুৰা বিক্ৰেতাই ২ টনৰ বেছি পিঁয়াজ মজুত কৰি ৰাখিব নোৱাৰিব৷ তদুপৰি পাইকাৰী বিক্ৰেতাই ২৫ টন পৰ্যন্ত পিঁয়াজ মজুত কৰিব পাৰিব৷
কেন্দ্ৰৰ এই আইনৰ বাহিৰলৈ কোনো ব্যৱসায়ী গ’লে তেওঁক অত্যাৱশ্যকীয় পণ্য আইনত গ্রেপ্তাৰ কৰা হ’ব বুলি প্ৰকাশ৷ মন কৰিব লগা যে যোৱা ছেপ্টেম্বৰত সংসদৰ বৰ্ষাকালীন অধিৱেশনত অত্যাৱশ্যকীয় পণ্য আইনৰ সংশোধন কৰা হৈছিল। ইয়াৰ ফলত চাউল, ডাইল, আলু, পিঁয়াজসহ সকলো পণ্যক জৰুৰী বা অত্যাৱশ্যকীয় পণ্যৰ তালিকাৰ বাহিৰত অনা হৈছিল৷
আইনত কোৱা হৈছে, বিশেষ বিশেষ ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিব পাৰিব৷ যেতিয়া কোনো পণ্যৰ দাম বজাৰত ৫০ শতাংশৰ বেছি বাঢ়িব, তেতিয়া চৰকাৰে হস্তক্ষেপ কৰাৰ অধিকাৰ আইনত দিয়া আছে৷ ক্রেতা সুৰক্ষা আৰু খাদ্য-গণ আবণ্টন মন্ত্ৰালয়ৰ সচিবে জনায় যে সংশোধনৰ পাছত এয়া প্রথম অত্যাৱশ্যকীয় পণ্য আইন প্ৰয়োগ কৰা হ’ল৷