ষ্টাফ ৰিপ’ৰ্টাৰ:
অষ্টমীৰ নিশা গহপুৰৰ ডুবিয়াত সংঘটিত হৈছে এক পথ দূৰ্ঘটনা। কৰ্তব্য সম্পাদন কৰি নিজ গৃহলৈ উভতিবৰ সময়তে সংঘটিত উক্ত দূৰ্ঘটনাত মৃত্যুক সাৱটি লয় ৰূপম বৰা নামে এগৰাকী আৰক্ষীৰ কনিষ্টবলে।
কনিষ্টবল গৰাকী এখন ট্ৰাকেৰে নিজ বাসগৃহলৈ উভতিছিল আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব ধৰোতেই দ্ৰুতবেগী বাইকে খুন্দা মাৰে। কনিষ্টবল গৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে কেথলিক মিছন হাস্পাতাললৈ লৈ যোৱা যদিও গৈ থকা অৱস্থাতে মৃত্যু ঘটে ৰূপম বৰাৰ।
আনহাতে, দূৰ্ঘটনাস্থলীত ৰূপম বৰাৰ পত্নী পিংকু বৰা উপস্থিত হৈ স্বামীক উঠাবলৈ চেষ্টা কৰি থাকোতেই মাৰুতি কে-ভেন গাড়ীয়ে পুনৰ খুন্দিওৱাত পত্নী পিংকু বৰাৰো এখন ভৰি ভাঙে। শেহতীয়া খবৰ অনুসৰি পিংকু বৰা বৰ্তমান চিকিৎসাৰত।