ষ্টাফ ৰিপ’ৰ্টাৰ:
দূৰ্গোৎসৱৰ সময়ছোৱাত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে পথ দূৰ্ঘটনা। জখলাবন্ধাত পূজা চাই উভতিবৰ সময়তে নিহত হয় দুই বাইক আৰোহী ক্ৰমে কলিয়াবৰৰ পূৱথৰীয়াৰ ভিঞাৰী গাঁৱৰ নিবাসী শংকৰজ্যোতি ভূঞা আৰু অভিনৱ ভূঞা।
জখলাবন্ধাৰ সৰুভগীয়াত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা NL 01 AB 9360 নম্বৰৰ ট্ৰাক খনৰ পিছফালে বাইকখনে প্ৰচণ্ড বেগত খুন্দা মাৰে আৰু ফলত থিতাতে প্ৰাণ হেৰুৱাই উক্ত দুই যুৱকৰ এগৰাকীয়ে। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে আনগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাতে প্ৰাণ হেৰুৱাই তেওঁ। তেওঁলোকৰ বাইকৰ নম্বৰ আছিল As 02 AA 4997।