নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৯৬১গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৯৬১ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৮৭৫৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২০৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ৷ আক্ৰান্তৰ হাৰ ২.৩৩ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,০৪১৭১ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৭৫১০গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৮৫৭৫২গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯০.৯৭ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯০৬ গৰাকীলৈ বৃদ্ধি পালে।