ষ্টাফ ৰিপ’ৰ্টাৰ:
বিজয়নগৰৰ আৰক্ষী কনিষ্টবলৰ আত্মহত্যা। দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীত কৰ্মৰত মহিলা আৰক্ষী কল্পনা ৰাভাই নিজ ভাড়াঘৰতেই চিপ লৈ আত্মহত্যা কৰে। কিন্তু বৰ্তমানলৈ কনিষ্টবল গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
প্ৰায় এমাহ পূৰ্বে বকোৰ শিলবড়ীৰ নিজ গাঁৱৰে যুৱক দিনৰঞ্জন ৰাভাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল কল্পনা। বুধবাৰে পুৱা পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ উপস্থিতিত বিজয়নগৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে, অমায়িক স্বভাৱৰ এই আৰক্ষী কনিষ্টবল গৰাকীৰ মৃত্যুৱে বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।













