ষ্টাফ ৰিপ’ৰ্টাৰ:
দূৰ্গাপূজাৰ ষষ্ঠীৰ দিনটোত গোৱালপাৰাৰ ৰংজুলিত সংঘটিত হৈছে জঘন্য ধৰ্ষণ কাৰ্য। তিনি পাষণ্ডই খেদি খেদি তিনি যুৱতীক বলাৎকাৰ কৰে। অৱশেষত এগৰাকী ধৰ্ষিতাই দিয়া দুই ফেচবুক পোষ্টে সচেতন মহলত খলকনি সৃষ্টি কৰিছে।
২২ অক্টোবৰ তাৰিখে পূজা চাই উভতি অহা পথত নাবালিকা তিনিগৰাকীক বলাৎকাৰ কৰে তিনি পাষণ্ডই। এই অপকৰ্মতেই ক্ষান্ত নাথাকি ধৰ্ষণকাৰী কেইটাই মোবাইল ফোনত ভিডিঅ’ ৰেকৰ্ডিং কৰি নাবালিকা কেইগৰাকীক ব্লেকমেইল কৰাৰো চেষ্টা কৰিছিল।
কিন্তু, ঘটনা সন্দৰ্ভত সকলো কথাক ব্যক্ত কৰিবলৈ এগৰাকী ধৰ্ষিতাই ফেচবুকৰ সহায় লয়। ইয়াৰ পিছতেই ঘটনাটোক স্থানীয় দল সংগঠনে গুৰুত্ব সহকাৰে লৈ তিনি ধৰ্ষণকাৰীৰ দুইজন ক্ৰমে হিৰণ সূত্ৰধৰ আৰু বাপুকণ দাসক কৰায়ত্ব কৰি গটাই দিয়ে ৰংজুলি আৰক্ষীক।
পিছত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত সৌৰভ দাসক। এই ঘটনাক একে মুখে গৰিহণা দি ৰংজুলিৰ স্থানীয় ৰাইজৰ লগতে আৰছু, আক্ৰাছু আৰু এবছুয়ে ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে পলাতক সৌৰভ দাসক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবৰ বাবে প্ৰশাসনক দাবী জনাইছে৷













