ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি চিৰাং জিলাৰ দুই ভিন্ন স্থানৰ পৰা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰৰ লগতে গুলী-বাৰুদ। বিশেষ সূত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গাঁতত পুতি থোৱাৰ পৰা উদ্ধাৰ কৰে এই মাৰণাস্ত্ৰ আৰু বিস্ফোৰকখিনি৷
চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুৰ আৰু আমলাইগুৰিত উদ্ধাৰ কৰে এই মাৰণাস্ত্ৰখিনি৷
এই সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰে। সুধাকৰ সিঙে প্ৰকাশ কৰা অনুযায়ী, বুধবাৰে নিশাৰে পৰা আৰক্ষীয়ে এই অভিযান আৰম্ভ কৰিছিল৷ আজি পুৱা এই অভিযানৰ প্ৰথমটো সফলতা লাভ কৰে ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুৰত৷
পুৱা ৬:৩০ বজাত ৰাণীপুৰ অঞ্চলৰ এখন হাবিৰ পৰা গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে ১টা একে ছিৰিজৰ ৰাইফল আৰু ২টা মেগজিন, ৭.৬২ মিঃমিঃ পিষ্টলৰ ৫০টা সজীৱ গুলী আৰু এটা পেন পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে, পুৱা ৯:৩০ বজাত আমলাইগুৰিত উদ্ধাৰ হয় ১টা ৯ মিঃমিঃ কাৰ্বাইন, ১টা মেগজিন, ৭টা কাৰখানাত নিৰ্মিত পিষ্টল, ৭টা মেগজিন, ২টা চাইনিজ হেণ্ড গ্ৰেনেড আৰু ২৫টা পিষ্টলৰ সক্ৰিয় গুলী। আৰক্ষী অধীক্ষকগৰাকীয়ে এই মাৰণাস্ত্ৰসমূহ কাৰ এই বিষয়ে স্পষ্টকৈ জনোৱা নাই যদিও পূৰ্বতে জিলাখনত সক্ৰিয় হৈ থকা কোনো উগ্ৰপন্থী সংগঠনৰ বুলি অনুমান কৰে।
এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলিও তেওঁ ব্যক্ত কৰে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত উপ-আৰক্ষী অধীক্ষক(সদৰ) প্ৰতাপ দাস, ৰুণিখাটা চক্ৰ পৰিদৰ্শক ৰুস্তমৰাজ ব্ৰহ্ম, শান্তিপুৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত এই অভিযান চলায়।













