ষ্টাফ ৰিপ’ৰ্টাৰ:
উন্নয়নমূলক কামৰ বাবে দিয়া ১৫ কোটি টকা আত্মসাৎ কৰি অসম ঔদ্যোগিক উন্নয়ন নিগম (AIDC) ৰ মূখ্য বিত্তীয় সহায়ক ওম প্ৰকাশ আগৰৱালা সংকটত। পেছাত CA ত হোৱাৰ উপৰিও ৰাজ্য চৰকাৰে শেহতীয়াকৈ তেওঁক AIDC ত বিত্তীয় দিশটো চোৱাৰ বাবে অস্থায়ীভাৱে নিযুক্তি দিছিল।
তেওঁক নিযুক্তি দিয়াৰ পিছতেই বিভাগটোৰ উন্নয়ন মূলক কামৰ বাবে গীতানগৰত থকা কানাড়া বেংক ওম প্ৰকাশৰ একাউন্টত চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল ১৫ কোটি টকা। কিন্তু বিষয়া গৰাকীয়ে চতুৰালিৰে ভঙাঘৰস্থিত চেন্ট্ৰেল বেংকত এগৰাকী ব্যক্তিৰ ভূৱা একাউন্ট খুলি তালৈ ট্ৰান্সফাৰ কৰিছিল ২ কোটি টকা। তাৰ পিছতে সেই একাউণ্টৰ পৰা ওম প্ৰকাশ আগৰৱালাই টকাখিনি উঠাই লোৱাৰ তথ্য লাভ কৰি বেংক কতৃপৰ্ক্ষই ভঙাঘৰ থানাত গোচৰ ৰুজু কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সকলো টকা হৰলুকী হোৱা কথা জানিব পাৰিছিল যদিও সেইটো সময়তে হঠাৎ ওম প্ৰকাশ আৰু সহকাৰী বিত্তীয় সহায়ক ৰাজীৱ মেধিক নিলম্বন কৰা হয় চাকৰিৰ পৰা। পিছে সেই সময়ত বেংকটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ বাবে থমকি ৰৈছিল তদন্ত প্ৰক্ৰিয়া৷ প্ৰায় ৩টা মাহৰ অন্তত দুয়োটা গোচৰ ভিত্তিত ক্ৰাইম বাঞ্চে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে ওম প্ৰকাশ আগৰৱালাক৷
গ্ৰেপ্তাৰৰ লগে লগে পোহৰলৈ আহে কেনেদৰে ওম প্ৰকাশ আগৰৱালাই বেংকৰ একাংশ কৰ্মচাৰীৰে মিলি ৰাজ মহম্মদ নামৰ ব্যক্তিগৰাকীৰ নামত ভুৱা একাউণ্ট খুলি আত্মসাৎ কৰিছিল বিভাগৰ দুই কোটি টকা৷ পৰৱৰ্তী সময়ত কলকাতা আৰু অসমত ৫টাকৈ ভুৱা বেংক একাউণ্ট খুলি বিভাগটোৰ বিভিন্ন উন্নয়নৰ বাবে অহা সমুদায় ১৫ কোটি টকা আত্মসাৎ কৰে ওম প্ৰকাশ অগৰৱালা বাহিনীয়ে ৷
সম্প্ৰতি ৫ দিনৰ ক্ৰাইম বাঞ্চৰ জিম্মাত থকা ওম প্ৰকাশক জেৰা চলাই আছে শীৰ্ষ বিষয়াই৷ কাৰণ বিভাগটোৰ অন্য কোনো শীৰ্ষ বিষয়াৰ হাত নহ’লে ইমান এটা বৃহৎ ধনৰাশিৰ হৰলুকী কৰাৰ হয়তো সাহস নকৰিলেহেঁতেন ওম প্ৰকাশ আগৰৱালাই৷