নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১০৯৪ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১০৯৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৫৬৭২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৮০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৯৯গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ১.৪৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,০৬০১৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১০৪২১গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৯৪৬৬৫গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৪.৪৯ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯২৬গৰাকীলৈ বৃদ্ধি পালে।
🙁 3⃣8⃣0⃣ Cases detected out of 25672 tests conducted today, with positivity rate of 1.48%
Kamrup Metro- 99
🙂 1⃣0⃣9⃣4⃣ patients discharged
↗️Total cases- 206015
▶️ Recovered- 94.49%
▶️ Active cases- 5.05%
▶️ Deaths- 0.45%8:40 PM/Oct 30 pic.twitter.com/WX04LWDCfq
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) October 30, 2020