ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : বোকাখাতৰ প্ৰাকৃতিক পৰিবেশ সংৰক্ষণৰ উদ্দেশ্য লৈ গঠিত হোৱা গ্ৰাছ নামৰ স্বেচ্ছাসেৱী সংগঠনে বৰ্তমান বহুলভাৱে ব্যৱহৃত হোৱা প্লাষ্টিকৰ সামগ্ৰী সমূহৰ ব্যৱহাৰৰ পাছত য’তে ত’তে পেলাই পাৰিপাৰ্শ্বিক অৱস্থাৰ বিনষ্ট কৰাত চিন্তা প্ৰকাশ কৰি বোকাখাতৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ যোৱা ২৯ অক্টোবৰত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
পত্ৰখনত উল্লেখ আছে যে প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ মাটি, পানী, বায়ু দূষিত কৰি গৈ থকাৰ লগতে সমগ্র জীৱকুলক ধ্বংসৰ গৰাহলৈ ঠেলি নি আছে সেইটো সকলােৱে স্বীকাৰ কৰিছে যদিও ইয়াৰ বিকল্প ব্যৱহাৰত ব্যর্থ হৈছে। সাধাৰণতে মানুহে ৫-১০ টকীয়া চিপচৰ পেকেট, ১০-২০ টকীয়া প্লাষ্টিকৰ বটলৰ পানী খাই পেলাই দিয়ে যাৰ দ্বাৰা আমাৰ পাৰিপাৰ্শ্বিক দৃষিত হৈ গৈ আছে।
যােৱা বছৰৰ পৰা কাজিৰঙা ৰষ্ট্রীয় উদ্যানৰ অন্তৰ্ভাগত এবাৰ ব্যৱহাৰ যােগ্য প্লাষ্টিকৰ নিষিদ্ধ কৰাৰ পৰাই গ্ৰাছৰ কাজিৰঙা মৌজা শাখাৰ সভাপতি চন্দন নাথে বিকল্প হিচাবে প্লাষ্টিকৰ বটলৰ সলনি বাঁহৰ চুঙাত পানী নিজে ব্যৱহাৰ কৰাৰ ওপৰিও কাজিৰঙালৈ অহা পর্যটককো যােগান ধৰি আহিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকেও এনে পদক্ষেপৰ শলাগ লৈছে।
চন্দন নাথৰ থলুৱাভাবে তৈয়াৰী বাঁহৰ চুঙাত পানী অসমৰ ছপা মাধ্যম আৰু ইলেকট্রনিক মাধ্যমত যথেষ্ট সমাদৰ পােৱাৰ উপৰিও ৰাষ্ট্রীয় সংবাদ মাধ্যমতাে চর্চা হৈছে। পর্যটক সকলেও বাঁহৰ চুঙাত পানী খাই আনন্দিত হৈ ক্রয় কৰি নিয়াৰ লগতে পাৰিপার্শ্বিকতা ৰক্ষার্থে চলােবা এনে প্রচেষ্টাৰ শলাগাে লৈছে।
বাঁহৰ চুঙাৰ পানীৰ অন্য এক সােবাদ পােবা যায় যিটো প্লাষ্টিকত পােবা নাযায়। তেনে বাঁহৰ চুঙা সকলােৱে সহজে তৈয়াৰ কৰিব পাৰে আৰু আটাইতকৈ কম দামত মাত্র ১০ টকা মূল্যৰ বাহঁৰ চুঙাত ২ লিটাৰ লৈকে পানী ধৰে। যিটো প্লাষ্টিকতকৈ কম খৰচত হয়। ইয়াৰ আটাইতকে গুকত্বপূর্ণ কথাটো হৈছে পানী খাই চুঙাটো পেলাই দিলে মাটিৰ একো অপকাৰ নকৰে।
যিসমূহ ঠাইত পর্যাপ্ত পৰিমাণৰ বাঁহ আছে তথা খালি হৈ পৰি থকা মাটিত বাহ ৰুই এনে ধৰণৰ ক্ষুদ্র উদ্যোগ স্থাপন কৰি যুৱকসকলে ব্যৱসায় কৰি স্বাৱলম্বী হব পাৰে। গ্ৰাছে এতিয়াৰ পৰাই যিমান সম্ভৱ এবাৰ ব্যৱহাৰ যােগ্য প্লাষ্টিকৰ সামগ্রী বর্জন কৰি বিকল্প সামগ্রী ব্যৱহাৰ কৰি পাৰিপাৰ্শ্বিক বক্ষা কৰাৰ লগতে আমাৰ চৌপাশ প্লাষ্টিক মুক্ত কৰিব পাৰি।
গতিকে ‘গ্রাছ’ আৰু গ্ৰাছৰ কাজিৰঙা মৌজা শাখাই মুখ্যমন্ত্রীক অনুৰোধ জনাইছে, অসমৰ সকলাে পর্যটন ক্ষেত্র, বনভােজ থলী, ৰাজহুৱা স্থান আদিত এবাৰ ব্যৱহাৰ যােগ্য প্লাষ্টিকৰ বিকল্প হিচাবে থলুৱাতৈয়াৰী মাটিৰ পাত্র, বাঁহৰ চুঙা, বাঁহৰ গ্লাচ, কলপাত, কলপটুৱা আদি ব্যৱহাৰ কৰাৰ এক প্রচেষ্টা লবলৈ গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ আৰু সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই স্মাৰক পত্ৰ যোগে আবেদন জনাইছে।