নিউজ ডেক্স:
Prevention Of Sexual Harassment 2013 ত অন্তৰ্ভূক্ত নতুন নিয়ম। শেহতীয়াকৈ চৰকাৰৰ লোৱা নতুন নিয়মক লৈ উৎসাহী সকলো। যৌন নিৰ্যাতনত অভিযুক্ত চাকৰিয়ালে হেৰুৱাব লাগিব নতুন বেতন বিধি। পূৰ্বৰ Payment Bonus Act 1965 ৰ সংশোধনী কৰি প্ৰৱৰ্তন কৰা এই নতুন নিয়মক লৈ চৰকাৰে শীঘ্ৰে জাৰি কৰিব ৰাজপত্ৰিত জাননী।
দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক “দ্যা হিন্দু” ত শনিবাৰে প্ৰকাশিত হয় এই খবৰ। ‘Team lease Services’ৰ কাৰ্যবাহী উপ সভাপতি ঋতুপূৰ্ণা চক্ৰৱৰ্তীয়ে চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনোৱাৰ লগতে এই নতুন নিয়মে যিকোনো প্ৰতিষ্ঠানৰে বিষয়া কৰ্মচাৰীৰ আচৰণত শালীনতা অনাত সহায়ক হ’ব বুলি বাতৰি কাকত খনক জনাই চক্ৰৱৰ্তীয়ে।