ষ্টাফ ৰিপ’ৰ্টাৰ:
শনিবাৰে জনতা ভৱনত সম্বোধন কৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ দিশত সিদ্ধান্ত গ্ৰহণ কৰা হয়।বিশেষকৈ, ৰাজ্যৰ ক’ৰোণা স্থিতি আৰু শিক্ষা, স্বাস্থ্যখণ্ডৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্বই।
এইবাৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ১০০ টা আসন বৃদ্ধি কৰাৰ সমান্তৰালকৈ কোঁচ ৰাজবংশী, আহোম আৰু চুতীয়া জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ কৰা হৈছে। ইয়াৰে ভিতৰত ৮টা কোঁচ ৰাজবংশীৰ বাবে, ৫টা আহোম জনগোষ্ঠীৰ বাবে আৰু ৪টা চুতীয়া জনগোষ্ঠীৰ বাবে মেডিকেলৰ আসন সংৰক্ষণ কৰা হৈছে।
অবিচি কোটাৰ মাজৰ পৰা এই নতুন সংৰক্ষণ দিয়া হৈছে; কিয়নো এইসকল তাৰ ভিতৰতে পৰিছিল। কিন্তু এতিয়া ক্লাচিফাইড কৰা হৈছে।