ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যৰ মুখ্য সচিবৰ দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিলে জিষ্ণু বৰুৱাই। শনিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত বিদায়ী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ পৰা দায়িত্বভাৰ আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিলে নৱ-নিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই।
গাম্ভীয্যপূৰ্ণ অনুষ্ঠানতে বিদায়ী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক সম্বৰ্ধনা জ্ঞাপন কৰিলে জিষ্ণু বৰুৱাই। নৱ-নিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাকো ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনাই কুমাৰ সঞ্জয় কৃষ্ণই। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰো উপস্থিত আছিল