ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত অব্যাহত আছে গঁড় হত্যাৰ কাণ্ড। কিন্তু শেহতীয়াকৈ বিশ্বনাথত আটক হৈছে গঁড় চিকাৰী; গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ অপৰাধ অনুসন্ধান শাখাৰ এটা অভিযানকাৰী দলে অভিযান চলাই গহপুৰৰ বাতমাৰীৰ পৰা আটক কৰে কুখ্যাত গহপুৰৰ বৰতামুলী গাঁও নিবাসী কিশোৰ কামাঙক।
উল্লেখ্য যে, বিগত বৰ্ষত গহপুৰৰ লখৰা চাপৰিত চোৰাং চিকাৰীয়ে হত্যা কৰা গঁড়টোৰ মূল অভিযুক্তকাৰী আছিল কিশোৰ কামাং। আৰক্ষীয়ে চিনাক্ত কৰিছিল যদিও পলাতক অৱস্থাত অভিযুক্তকাৰী। কিন্তু বৰ্তমান আৰক্ষীৰ জালত পৰিছে গঁড় হত্যাকাৰী কামাং।













