ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও চহৰৰ অন্যতম অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান অম্লান গোষ্ঠীৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আজি পুৱা নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ লাউখোৱা ৰোডত থকা অম্লান গোষ্ঠীৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰে গোষ্ঠীৰ সভাপতি উজ্বল বৰুৱাই ।
ইয়াৰ পিছতে গোষ্ঠীৰ সদস্যসকলে এক আৱেগিক পৰিবেশত গোষ্ঠীৰ প্ৰয়াত সতীৰ্থ সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল প্রদর্শন কৰা অঞ্চলটোৰ চাৰি গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অম্লান গোষ্ঠীৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় ।
আনহাতে শাৰীৰিক ভাৱে অসুস্থ অশীতিপৰ বিশিষ্ট নাট্যশিল্পী চুনী ভট্টাচার্যক আজি শিল্পী গৰাকীৰ নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ মাধৱদেৱ পথৰ বাসগৃহলৈ গৈ গামোচা, চেলেং, শৰাই , জাপি, মানপত্ৰ আদিৰে অম্লান গোষ্ঠীৰ সদস্যসকলে বৰ্ষীয়ান শিল্পী গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ।
গোষ্ঠীৰ সম্পাদক ইন্দ্ৰমোহন বৰাই আঁত ধৰা অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত সাংবাদিক জিতেন বৰকটকীয়ে নাট্য শিল্পী চুনী ভট্টাচার্যৰ ব্যক্তিগত, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ।
সম্বৰ্ধনা পত্ৰ পাঠ কৰে শশাংক শৰ্মা বৰুৱাই। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত নাট্যকাৰ সপোনটি বৰদলৈ, সাংস্কৃতিক কৰ্মী ননী গোহাঁই বৰুৱা, ভাৰত ভট্টাচার্য, উজ্বল বৰুৱা, দীপাংকৰ শৰ্মা বৰুৱাৰ লগতে গোষ্ঠীৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে ।













