ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন. এছ. এছ গোটৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ গোটৰ সহযোগত ৩১অক্টোবৰত আৰম্ভ হোৱা ‘আয় আৰু কৰ্ম সংস্থান সৃষ্টিত থলুৱা সম্পদৰ বহনক্ষম ব্যবহাৰ’ শীর্ষক কৰ্মশালাৰ আজি সামৰণি পৰে ।
নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ গোটৰ প্ৰগেম অফিচাৰ ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আদৰণি অনুষ্ঠানত আদৰনি ভাষন আগবঢ়াই নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। আদৰনি ভাষণত ড০ বৰকটকীয়ে অসমৰ ঢেকীয়া-ঔটেঙা বিদেশৰ পঞ্চতাৰকা হোটেলত কিদৰে তালিকাভুক্ত হৈছে সেই কথা উল্লেখ কৰি থলুৱা সম্পদৰ যথাযথ ব্যৱহাৰ কৰি আয় আৰু কৰ্ম সংস্থান সৃষ্টিত স্বেচ্ছাসেবকসকলক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন .এছ .এছ কোষৰ সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিৰ উদ্বোধনী ভাষনেৰে আৰম্ভ কৰ্মশালাৰ আদৰণি অনুষ্ঠানত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ১৩খন মহাবিদ্যালয়ৰ প্ৰগেম অফিচাৰ আৰু ১০০গৰাকী এন. এছ. এছ স্বেচ্ছাসেৱক উপস্থিত থাকে। উদ্বোধনী ভাষণত ড০ কাকতিয়ে এন. এছ. এছৰ স্বেচ্ছাসেবকসকলক নিজৰ দৃঢ়তা, আত্মবিশ্বাস, সততা আৰু স্পষ্টবাদী হোৱাৰ বাবে আহ্বান জনায় ।
ড০ কাকতিয়ে ভৰপূৰ থলুৱা সম্পদেৰে উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্রত স্বেচ্ছাসেবকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগে বুলি মত পোষণ কৰে। কৰ্মশালাৰ প্রথম কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্ৰখ্যাত প্ৰেৰণাদায়ক বক্তা আৰু এন. এছ. এছৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাক্তন অধ্যক্ষ সুনীল কুমাৰ বসুমতাৰীয়ে স্বেচ্ছাসেবকসকলক দৃঢ়তা, আত্মবিশ্বাস আৰু আত্ম নিয়োগ কেনেকৈ গঢ় দিব পাৰি সেই বিষয়ে বিশদভাৱে ব্যাখ্য দাঙি ধৰে ।
কৰ্মশালাৰ দ্বিতীয় কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠানৰ মুখ্য প্ৰকল্প বিষয়া হেমন্ত ৰাভা। ৰাভাই থলুৱা সম্পদেৰে সফলকাম উদ্যোগী হোৱা কেইবাগৰাকীও ব্যক্তিৰ উদাহৰণ দাঙি ধৰি স্বেচ্ছাসেবকসকলক অসমৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ থলুৱা সম্পদেৰে উদ্যোগী হোৱাত মনোনিবেশ কৰিবলৈ আহ্বান জনায় ।
ৰাভাই মৌ পালন, থলুৱা খাদ্য শস্যৰ ব্যৱসায়, অনাৰস, নেমু, কঁঠাল আৰু কঁঠালৰ গুটি আদিৰ ব্যবসায়ৰ জৰিয়তে কেনেকৈ উদ্যোগী হ’ব পাৰে তাৰ ওপৰত ব্যখ্যা দাঙি ধৰে । অনলাইন যোগে হোৱা কৰ্মশালাৰ দ্বিতীয় দিনাৰ তৃতীয় কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি যুৱ প্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ দক্ষতা প্ৰশিক্ষক আৰু বৃত্তি পৰামৰ্শ দাতা মেঘনা কৌশিকে উদ্যোগী হোৱাত ‘জীৱনৰ পূৰ্ণ নিৰ্মাণ ‘ শীৰ্ষক বক্তৃতা প্রদান কৰে।
অনলাইনযোগে হোৱা কৰ্মশালাৰ তৃতীয় দিনাৰ চতুৰ্থ তথা অন্তিম সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বেংকৰ লোভনীয় চাকৰি এৰি গাহৰি পালন আৰু মাংসৰ ব্যৱসায়ৰ জৰিয়তে উদ্যোগী হোৱা মনোজ বসুমতাৰী। বসুমতাৰীয়ে নিজৰ জীৱনৰ উদ্ধৃতিৰে সফল উদ্যোগী হোৱাৰ পথ ব্যাখ্যা কৰে।
ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন. এছ. এছ কোষৰ সম্বন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতি, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী, নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ গোটৰ সহকাৰী প্ৰগেম অফিচাৰ মানসজ্যোতি নিৰ্মলীয়া, মৰিগাঁও আৰু হোজাই জিলাৰ ১৩খন মহাবিদ্যালয়ৰ এন. এছ. এছ প্ৰগ্ৰেম অফিচাৰ আৰু স্বেচ্ছাসেৱকসকল উপস্থিত থাকে।
উল্লেখ্য যে ৩১অক্টোবৰত অনুষ্ঠিত আদৰণি অনুষ্ঠানতে ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় একতাৰ শপত বাক্য পাঠ কৰে।













