ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : পঞ্চায়তকে ধৰি বিভিন্ন চৰকাৰী বিভাগক সহযোগত লৈ নুমলীগড় শোধনাগাৰে স্থানীয় শিক্ষিত নিবনুৱা সকলক সংস্থাপনৰ বিশেষ আঁচনি গ্ৰহন কৰিব পাৰিনেকি, সেই বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰিছে।
নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী নিবনুৱা সন্থাই ৫ নৱেম্বৰত নুমলীগড় নাট্যমন্দিৰত আয়োজন কৰা সাধাৰণ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি এই বক্তব্য প্ৰদান কৰে শোধনাগাৰটোৰ মহা প্ৰৱন্ধক মিন্টু সন্দকৈয়ে। শোধনাগাৰৰ উপ মহাপ্ৰৱন্ধক বিশ্বজিৎ বৰাইও স্থানীয় নিবনুৱা সকলক সংস্থাপনৰ বাবে নুমলীগড় শোধনাগাৰে চিন্তা চৰ্চা অব্যাহত ৰখা বুলি কয়।
দুই শতাধিক স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতী উপস্থিত থকা সভাত সভাপতিত্ব কৰে সংগঠনটোৰ সভাপতি জিতু শইকীয়াই। বিশিষ্ট অতিথি ৰূপে অংশ লয় জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, উপদেষ্টা বিপুল বৰা, সদস্য বসন্ত তাঁতী, সঞ্জীব গগৈ, উপদেষ্টা তৰুণ বৰুৱাই। শলাগ জ্ঞাপন কৰে কোষাধ্যক্ষ জ্যোতি প্ৰভা বৰাই।
ইফালে সংগঠনৰ তৰফৰ পৰা নুমলীগড় শোধনাগাৰৰ বিষয়াক এখন স্মাৰক পত্র প্ৰদান কৰাৰ লগতে নিযুক্তি লাভ কৰিব পৰা ৫০০ জনীয়া শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ প্ৰথমখন তালিকাও প্ৰদান কৰে।













