![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ অন্যতম ফুটবল ক্লাৱ কাৰবি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি ইয়াৰ নৱনিৰ্মিত কাৰ্যালয়ত আনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ আজি ডিফুৰ সমীপৰ ছয়মাইলত ক্লাৱটোৰ নিজাববীয়া ভূমিত ইয়াৰ পতাকা উত্তোলন কৰে নৱনিযুক্ত যুৱ সভাপতি চেংকান ৰংহাঙে ৷ ইয়াৰ পিছত চেংকান ৰংহাঙে ক্ৰমে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱৰ নৱনিৰ্মিত কাৰ্যালয়ৰ আৰু মুকলি মঞ্চৰ দ্বাৰ মুকলি কৰে৷ সকলো কাৰ্যসূচীত যুৱ সভাপতি চেংকান ৰংহাঙক সহযোগিতা কৰে ক্লাৱটো অনান্য ন-পুৰণি নেতা-সদস্যসকলে ৷
শেষত ক্লাৱৰ সভাকক্ষত চেংকান ৰংহাঙৰ পৌৰহিত্যত এখনি মুকলিসভা অনুষ্ঠিত হয় য’ত কাৰবি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱৰ ন-পুৰণি নেতা- সদস্যৰ লগতে কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ একাডেমী প্ৰতিনিধিসকল উপস্থিত থাকে ৷ সভাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰিচাৰ্ড টকবী আৰু কাৰবি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱৰ জ্যেষ্ঠ উপদেষ্টা মেজি ক্ৰ’য়ে ক্লাৱটোৰ উত্থানত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ভূমিকা প্ৰশংসাৰ যোগ্য বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷
বহুতো ঘাত-প্ৰতিঘাতৰ মাজতে ক্লাৱটোৱে অতি কম সময়ৰ ভিতৰতে সফলতাৰ শীৰ্ষ আসনত আৰোহণ কৰিবলৈ সক্ষম হৈছে বুলি কয় ৷ সাংবাদিকৰ আগত জ্যেষ্ঠ উপদেষ্ঠা মেজি ক্ৰ’য়ে কয় যে , কাৰবি আংলঙ মৰ্ণিং ষ্টাৰ ক্লাৱৰ প্ৰায় ৩০ৰো অধিক একাডেমী আছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক সন্ধান কৰি আনি এই একাডেমীৰ জৰিয়তে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা প্ৰশিক্ষিত কৰি তোলাই একাডেমীসমূহৰ উদ্দেশ্য ৷ ভৱিষ্যতলৈ আই লীগ পৰ্যায়ৰ খেল খেলাৰ চেষ্টা অব্যাহত ৰখাৰ লগতে কাৰবি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱক এক পেছাদাৰী দললৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি কয় ৷
আনহাতে প্ৰায় ২০ বিঘা ভূমিৰে আৱৰা বৃহৎ চৌহদত ভৱিষ্যতলৈ এখন পূৰ্ণ পৰ্যায়ৰ ফুটবল পথাৰ আৰু ন-আকাৰে গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে ৷ সভাখনৰ উদ্দেশ্য বাখ্যাৰ লগতে স্বাগত ভাষণ আৰু শলাগৰ শৰাই আগবঢ়ায় সাধাৰণ সম্পাদক বিক্ৰম টেৰণে।











