![]()
ছাইদুল ইছলাম
ডিফু : মুল ৰচনাৰ সুদীর্ঘ দুকুৰি বছৰৰ অন্তত ইংৰাজীলৈ অনুদিত হল প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰংবং তেৰাঙৰ কালজয়ী উপন্যাস ৰংমিলীৰ হাঁহিৰ ইংৰাজী ৰূপান্তৰ ৰংমিলী, দ্য হৰাইজনৰ। কার্বিসকলৰ জীৱন সংগ্রাম, সমাজ জীৱনক মুর্ত ৰূপত তুলি ধৰা বহুপঠিত, অনন্য সুন্দৰ গ্রন্থখনি আজি এক গাম্ভীর্যপূর্ণ পৰিবেশত ডিফু লুৰুলাংছস্থিত ৰাংছিনা চাৰপ’ প্রেক্ষাগৃহত উন্মোচন কৰা হয়। নিজৰে ৰচিত গ্রন্থখনৰ ইংৰাজী অনুবাদ সংস্কৰণৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অতিকৈ সন্তোষ প্রকাশ কৰা চিৰসেউজ কথাশিল্পীগৰাকীয়ে ভাষণ প্রসংগত এয়া এক ভাল খবৰ বুলি উল্লেখ কৰে। সুদীর্ঘ চল্লিশ বছৰব অন্তত নিজৰেই এগৰাকী ছাত্রী কাচে টেৰণপীৰ অনুবাদৰ মাজেৰে ৰংমিলীয়ে আজি আকৌ নতুন দিগন্তত হাঁহিছে বুলি মন্তব্য কৰে। এতিয়া ৰংমিমিলীৰ হাঁহিয়ে কেৱল অসমতে নহয় সমগ্র বিশ্বৰে আকাশত হাঁহিবলৈ উলাইছে বুলি সাহিত্যিকগৰাকীয়ে কয়।
গ্রন্থখনৰ ইংৰাজী অনুবাদে ইয়াক বিশ্ব সাহিত্যৰ জগতলৈ গুচি যোবা বুলি উল্লেখ কৰি এই গৌৰৱ সমগ্র কার্বি আংলঙৰ তথা সমগ্র কার্বি জাতিৰ বুলি অভিহিত কৰে । এই সৰু উপন্যাসখনৰ মাজেদি কার্বিসকলব জীৱন ধাৰা, সংগ্রাম, আশা-নিৰাশা, সকলো সংস্কৃতি বিশ্ব দৰবাৰলৈ যোৱাৰ পথ মুকলি হল বুলি মন্তব্য কৰি সন্তুষ্টি প্রকাশ কৰে ।

গ্রন্থখনৰ ইংৰাজী অনুবাদ প্রকাশ হৈ উঠাৰ ক্ষেত্রত গ্রহণ কৰা ভূমিকাৰ বাবে সাংবাদিক পৱিত্র বৰাৰো বাৰুকৈয়ে শলাগ লয় সাহিত্যিকগৰাকীয়ে।
আনহাতে, গ্রন্থখন উন্মোচন কৰি প্রদান কৰা ভাষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ‘ৰংমিলীৰ হাঁহি কার্বি, বড়ো, হিন্দী, নেপালী আদি ভাষালৈ অনুদিত হোৱা কার্যত গভীৰ আনন্দ প্রকাশ কৰাৰ লগতে গ্রন্থখনৰ ইংৰাজী অনুবাদে ইয়াক আন্তর্জাতিক পর্যায়লৈ নিয়াৰ বাট মুকলি কৰি দিব বুলি আশা প্রকাশ কৰে । এনে ৰচনা কৰা সহজ কাম নহয় বৃলি মন্তব্য কবি মুখ্য কার্যবাহীগৰাকীয়ে গ্রন্থ প্রকাশৰ ক্ষেত্রত সকলো লেখক-লেখিকাক পৰিষদৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰে।
জ্যেষ্ঠ সাংবাদিক পবিত্র বৰাই সঞ্চালনা কৰা সভাখনত ভাষণ প্রদান কৰি সাংসদ হৰেণছিং বেই কাৰ্বি আংলঙৰ সকলো লোককে ৰংমিলীৰ হাঁহি অধ্যয়ন কৰাৰ বাবে অনুৰোধ জনায়। ডিফুৰ ছলাংদ’ পাব্লিকেছনৰ বেনাৰত প্রকাশিত গ্রন্থখনৰ মূল্য ক্রমে পাঁচশ টকা আৰু তিনিশ টকা। ৰংমিলী, দ্য হৰাইজন’ৰ বেটুপাত প্রসিদ্ধ শিল্পী বীৰেণ সিংহৰ।











