![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
এইবাৰ বিজেপিৰ কাৰবি আংলঙৰ বৰঘৰত শনি লাগিছে ৷ শূন্য সহনশীলতাৰ জয়ঢোল বজাই থকা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি দলৰ কৰ্মকৰ্তাক দুৰ্নীতি নিবাৰণ শাখাই উৎকোচ লৈ থাকোতে হাতে লোটে ধৰা পেলোৱা কাৰ্যই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ দেশৰ প্রতিজন দৰিদ্র লোকক বসবাসৰ বাবে নিশ্চিত আৱাস যোজনা প্রদানৰ নামত কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰা প্রধানমন্ত্রী আৱাস যোজনা ৰূপায়ণৰ নামত সর্বত্র দুর্নীতিত লিপ্ত হৈছে দুর্নীতিবিৰোধী অসম গঢ়াৰ প্রতিশ্রুতিৰ শ্লোগান আওৰোৱা খোদ বিজেপি দলৰেই একাংশ নেতা-পালিনেতা। বিভিন্ন সময়ত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত গেৰুৱা দলটোৰ একাংশ নেতা-পালিনেতাৰ বিৰুদ্ধে বাপক
দুর্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি কার্বি আংলং জিলাৰ বিশেষ শাখাৰ দুর্নীতি নিবাৰক বাহিনীৰ অভিযানত গ্রেপ্তাৰ হৈছে হাওবাঘাট পবিষদীয় সমষ্টিৰ অন্তর্গত এগৰাকী বিজেপি দলৰ নেতা তথা হাওৰাঘাট গাঁও উন্নয়ন সমিতি চমুকৈ ভিডিচিৰ অধ্যক্ষ যীশু কেন্প্রাই।

উল্লেখযোগ্য যে, দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰা প্রধানমন্ত্রী আবাস যোজনা ৰূপায়ণৰ নামত হিতাধিকাৰীৰ পৰা ভিডিচিৰ অধ্যক্ষগৰাকীয়ে ব্যাপক হাৰত উৎকোচ গ্রহণ কৰি অহাৰ অভিযোগ বিগত সময়ছোৱাত উত্থাপিত হৈ আহিছে। প্রপ্ত তথ্য অনুসৰি, উক্ত আঁচনিৰ অধীনত আৱাস যোজনাৰ গৃহ লাভ কৰা এগৰাকী হিতাধিকাৰীৰ পৰাও সেইদৰে ভিডিচিৰ অধ্যক্ষগৰাকীয়ে দহ হাজাৰ টকা দাবী কৰে। আঁচনিখনৰ অধীনত গৃহ নির্মাণৰ বাবে লাভ কবা ধন হিতাধিকাৰীক প্রদানৰ পূর্বে ভিডিচিৰ ক্ষমতাৰ অপপ্রয়োগ কৰি অধ্যক্ষগৰাকীয়ে হিতাধিকাৰীগৰাকীক দহ হাজাৰ টকা দাবী কৰে। দাবী কৰা এনে বৃহৎ পৰিমাণৰ ধন প্রদান কৰাটো সম্ভৱপৰ নোহোৱাত ভুক্তভোগী হিতাধিকাৰীগৰাকীয়ে লাভ কৰিবলগীয়া ঘৰ নোপোবাৰ আশংকাত যোৱা তিনিদিন পূর্বে কার্বি আংলং জিলা আৰক্ষীৰ কাষ চাপে ৷ হিতাধিকাবীগৰাকীৰ অভিযোগৰ ভিত্তিতে কার্বি আংলং জিলা আৰক্ষীৰ দুর্নীতিবিৰোধী বিশেষ শাখাৰ এটা দলে ভ্ৰষ্টাচাৰী ভিডিচিৰ অধ্যক্ষণৰাকীক ফান্দত পেলোৱাৰ বাবে কৌশল ৰচনা কৰে।
সেই অনুসৰি, আজি বিয়লি হাওৰাঘাটৰ অসম গ্রামীণ বিকাশ বেংকৰ চামগুৰি শাখাৰ পৰা দাবী কৰা উৎকোচৰ ধন সংগ্রহ কৰাৰ বাবে উপস্থিত হোৱাৰ সময়তে পূর্ব পৰিকল্পনা অনুসৰি আৰক্ষীয়ে দুর্নীতিগ্রস্ত ভিডিচিৰ অধ্যক্ষগৰাকীক হাতে-লুটে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনিখন ৰূপায়ণৰ নামত পাহাৰীয়া জিলাখনত গ্রামাঞ্চলসমূহত সংঘটিত হোৱা পর্বতসম দুর্নীতিৰো এক কলা অধ্যায় মুকলি হোৱাৰ পথ প্রশস্থ হৈছে। ইফালে, ভিডিচিৰ অধ্যক্ষ যীশু কেনমপ্রাইৰ গ্রেপ্তাৰৰ ঘটনাই হাওৰাঘাট এলেকাতো তীব্র প্রতিক্ৰিয়াৰ সুষ্টি কৰিছে। বিশেষকৈ চৰকাৰী আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা দুর্নীতিত অধ্যক্ষগৰাকীৰ লগতে আন বহু শীর্ষস্থানীয় লোকো জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে সচেতন মহলে। এই সন্দর্ভত হাওৰাঘাট থানাত ইতিমধ্য এক গোচৰ পঞ্জীয়ন কৰা হৈছে।











