![]()
ছাইদুল ইছলাম:
ডিফু : দিপাৱলীৰ উৎসৱ আনন্দৰ মাজতে কালি সন্ধিয়া কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই এলেকাটোত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, মাঞ্জা বজাৰ নিবাসী থমাচ লাক্ৰা নামৰ লোকজনৰ বাসগৃহত কালি সন্ধিয়া দিপাৱলীৰ উপলক্ষে চাকি জ্বলোৱা হয়।
ঘৰত দিপাৱলীৰ চাকি জ্বলাই পৰিয়ালটো ঘৰৰ পৰা ওলাই যোৱাৰ পিছত চাকিৰ পৰা নিৰ্গত হোৱা জুই মূল ঘৰলৈ বিয়পি পৰাৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপণ কৰা হয় যদিও নিমিষতে কালৰূপ ধাৰণ কৰা জুইৰ শিখাই লাক্ৰাৰ ঘৰটো ছাঁইত পৰিণত কৰে। উক্ত অগ্নিকাণ্ডৰ ঘটনাত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে।











