![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং জিলাৰ অন্তর্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী দলদলি সংৰক্ষিত বনাঞ্চল এলেকাত বেদখল প্রসংগক কেন্দ্র কৰি উক্ত সমস্যা সমাধানৰ দাবীত অহা ১৭ নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অর্থনৈতিক অৱৰোধ ঘোষণা কৰিছে কার্বি ছাত্র সন্থাকে ধৰি পাহাৰীয়া জিলাখনৰ কেইবাটাও দল-সংগঠনে। আজি ডিফুৰ ৰংথেয়াংস্থিত কার্বি ছাত্র সন্থাৰ কার্যালয়ত সংবাদমেলক সম্বোধন কৰি কাৰ্বি ছাত্র সন্থা (ইংলংফ’ )ৰ সভাপতি বিজয় বেই কয় যে, কার্বি আংলং জিলা গঠনৰ পিছৰ পৰাই কাৰ্বি আংলঙৰ ভূমিক লৈ বিভিন্ন সমস্যা চলি আহিছে যদিও কার্বি আংলঙৰ মাটিত সঠিকভাবে নিৰাপত্তা প্রদান কবিব পৰা নাই।
বিশেষকৈ নাগালেণ্ড সীমান্তত ব্যাপক হাৰত বেদখল অব্যাহত থকাৰ পিছতো ইয়াক ৰোধ কৰাত চৰকাৰ ব্যর্থ হৈ আহিছে। কাৰবি আংলঙৰ সীমান্ত ৰক্ষা কৰাৰ ক্ষেত্রত চৰকাৰৰ নেৰানেপেৰা বার্থতাৰ বাবেই জিলাখনব দল সংগঠনসমূহে আজি ৰাইজৰ সহায় লৈ কার্বি আংলঙৰ ভূমি ৰক্ষাৰ বাবে ওলাই আহিবলগীয়া হোৱা বুলি মন্তব্য কৰে।
এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিততে অহা ১৭ নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অর্থনৈতিক অৱৰোধৰ সিদ্ধান্ত লোৱা বুলি সংবাদমেলত ঘোষণা কৰে। লগতে সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম আৰু নাগালেণ্ড চবকাৰে শীঘ্রে পদক্ষেপ গ্রহণ কৰক, কার্বি আংলঙৰ ৰিলান বস্তিত নাগালেণ্ড চৰকাৰে অবৈধভাবে প্রদান কৰা মাটিৰ পট্টাসমূহ বাতিল কৰা, কার্বি আংলঙৰ মাটিত নাগালেণ্ড চৰকাৰৰ সমর্থনত একাংশ লােকে নির্মাণ কৰা গৃহসমূহ উচ্ছেদ কৰা, নগা দুর্ত্তিই ইতিমধ্যে ভাঙি পেলোৱা দুয়োখন ৰাজ্যৰ সীমা এলেকাত থকা খুঁটিসমূহ পুননির্মাণ, অসমৰ মাটিত নাগালেণ্ড চৰকাৰে স্থাপন কৰা আই আৰ বি এনৰ শিৱিৰ উঠাই নিয়া, সীমান্ত এলেকাত কাৰ্বি আংলঙৰ বন বিভাগে তহলৰ বাবে নির্মাণ কৰা পথৰ নির্মাণকার্যত নগা দুর্বুত্তই প্রদান কৰি অহা বাধা নোহোৱাৰ ব্যবস্থা কৰা আৰু নাগালেণ্ড চৰকাৰৰ তৰফৰ পৰা কাৰ্বি আংলঙৰ মাটিত বিদ্যুৎ সংযোগৰ বাবে স্থাপন কৰা খুঁটাসমূহ উঠাই নিয়াৰ বাবেও সংবাদমেল যোগে সংগঠনসমূহে দাবী জনায়। ছাত্র সন্থাৰ সভাপতিগৰাকীয়ে অনাগত দিনত এই আন্দোলন অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰি এইক্ষেত্রত জিলাখনৰ সকলো সংগঠনে সমর্থন জনোৱা বুলি জানিবলৈ দিয়ে।
কার্বি আংলঙৰ ভুমিৰ সুৰক্ষাৰ ক্ষেত্রত অসম চৰকাৰৰো সদিচ্ছাৰ অভাৱ বুলি সংবাদমেলখনত আক্ষেপ প্রকাশ কৰি ছাত্রনেতাগৰাকীয়ে লগতে খানাপাৰাত মেঘালয়ৰ পৰা সামান্য আগ্রাসনৰ চেষ্টা চলালেও কঠোৰ স্থিতি গ্রহণ কৰা অসম চৰকাৰে কার্বি আংলঙত মানুহ মৰিলেহে ব্যৱস্থা লব নেকি বুলি প্রশ্ন কৰে লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ভূমিকাকো সমালোচনা কৰে ।
আনহাতে, বহু বছৰ ধৰি অসম-নাগালেণ্ড সীমান্তত অশান্তি অব্যাহত থকাৰ পিছতো এইক্ষেত্রত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ভুমিকাকো কঠোৰ ভাষাত সমালোচনা কৰে। সংবাদমেলত মন্তব্য প্রকাশ কৰি কাৰ্বি ছাত্র সন্থাৰ আন এটা গোটৰ সভাপতি চিমিয়ন ৰংফাৰে অসম নাগালেণ্ড সীমা সমস্যাৰস্থায়ী সমাধানৰ ক্ষেত্রত বিজেপি শাসিত অসম-নাগালেণ্ড চৰকাৰে দায়িত্ব আছে বুলি মন্তব্য কৰে । এই সমস্যা সন্দর্ভতত অসম চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু কার্বি আংলং স্বায়ত্বশাসিত পৰিষদ কর্তৃপক্ষৰ ব্যর্থতাৰ বাবেহে অর্থনৈতিক অৱৰোধৰ দৰে কঠিন সিদ্ধান্ত লবলগীয়া হোৱা বুলি মত প্রকাশ কৰে ।
এইক্ষেত্রত জাতি-বর্ণ নিৰ্বিশেষে কার্বি আংলঙৰ সকলো লোককে আগবাঢ়ি অহাৰ বাবে সংবাদমেল যোগে সংগঠনসমূহে আহ্বান জনায়। সেই অনুসৰি, অহা ১৭ নৱেম্বৰৰ পৰা এই অৱৰোধ কাৰ্যসূচীৰ আহ্বান কৰা হৈছে বুলি কয় ৷ অসম-নাগালেও সীমা সমস্যাক কেন্দ্র কৰি এনে অস্থিৰতা অব্যাহত থকাৰ সময়তে কার্বি আংলঙৰ দল সংগঠনসমুহে আহান জনোৱা অর্থনৈতিক অৱৰোধ গুৰত্বপূর্ণ বিবেচিত হৈছে। আজিৰ সংবাদমেলত জিলাখনৰ কে এছবাই চি, কে ইউ ৱাই এ, কে এফ এ, কে এন এল এফ, ইউ কে ৱাই এ, জাকাছ ,ডব্লিউ জে এফ আদি সংগঠনৰ প্রতিনিধিসকল উপস্থিত থাকে। আনহাতে, আন এক সংবাদমেল যোগে জিলাখনৰ দল সংগঠনসমূহে নাগালেণ্ডৰ বিৰুদ্ধে আহ্বান জনোৱা অর্থনৈতিক অৱৰোধ কার্যসূচীলে পূর্ণ সমর্থন ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ কার্বি আংলং জিলা সমিতিয়ে। এই অৱৰোধৰ পৰা অত্যাৱশ্যকীয় সেৱা আৰু ব্যক্তিগত যান-বাহনসমূহক ৰেহাই দিয়া হৈছে।











