![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলা কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তত সংবাদ কৰ্মীসকলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি পালন কৰে ৷ সেই মৰ্মে কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত ডিফুৰ তাৰালাংছৰ কাৰবি পিপুলছ হলৰ নান্দনিক আৰু প্ৰাকৃতিক সৌন্দৰ্য ৰহিত এক মনোমোহা পৰিৱেশৰ মাজত সম্পূৰ্ণ ক’ভিড নীতি নিৰ্দেশনাৰ মাজেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি জিলা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি কিৰি ৰংহাঙে, ইয়াৰ পিছত ক্ৰমে শ্বহীদ তৰ্পন কৰে জ্যেষ্ঠ সাংবাদিক কাংবুৰা চিংনাৰে ৷ তাৰ পিছতে সভাপতি কিৰি ৰংহাঙৰ পৌৰুহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁত ধৰে জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ডেনিয়েলচন বে’ই ৷

সভাত মুখ্য, সন্মানীয় আৰু আমন্ত্ৰিত অতিথিসকলক জিলা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা একোখন পহ’ আৰু কাৰবি জেকেটেৰে সম্বৰ্ধ না জনোৱা হয় ৷ মুখ্য অতিথিৰ ভাষণত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণে ভাষণ প্ৰসংগত কয়যে, ভাৰতবৰ্ষত সংবাদ মাধ্যমক চতুৰ্থ স্তম্ভ হিচাপে সন্মান প্ৰদান কৰা আছে ৷ কৰ’না মহামাৰী কালছোৱাত প্ৰশাসন, চিকিৎসা, আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ ভূমিকা শলাগল’বলগীয়া আছিল ৷ একোগৰাকী সাংবাদিকে কঠোৰ পৰিৱেশৰ মাজতো নিজকে দৃঢ় আৰু নিষ্ঠাৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় ৷
আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত থকা জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই নিজৰ ভাষণ প্ৰশংগত কয়যে, চীনদেশৰ উহানৰ পৰা সৃষ্টি হোৱা কৰ’নাৰ ভয়াবহতাৰ বিষয়ে সংবাদ মাধ্যমেই দেশব্যাপী প্ৰচাৰ চলাই জনসাধাৰণক সজাগ কৰিছে ৷ লকডাউনৰ সময়ত ছপা সংবাদ মাধ্যমসমূহ যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছিল যদিও ইলেক্ট্ৰনিক, আৰু ডিজিটেল আৰু ছ’চিয়েল মেডিয়াই মুখ্য ভূমিকা গ্ৰহণ কৰি ৰাইজক সজাগ কৰিছিল ৷ সংবাদ মাধ্যমসমূহে তথ্যসহ প্ৰকৃত আৰু সত্যনিষ্ঠ বাতৰি পৰিবেশন কৰিলে সমাজ উপকৃত হয় ৷

কাৰবি আংলঙত কৰ’নাৰ সন্দৰ্ভত প্ৰয়োজনীয় সজাগতা এতিয়াও অহা নাই, এই ক্ষেত্ৰত সংবাদ মাধ্যম সমূহে নিজৰ ভূমিকা পালন কৰি ৰাইজক সজাগ কৰি থাকিব লাগিব প্ৰশাসনিক বিষয়াজনে উল্লেখ কৰে ৷ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উপ সঞ্চালক অভিনাশ বৰ্মণে কয়যে কৰ’নাকালৰ দূৰ্যোগপূৰ্ণ মূহূৰ্তত সাংবাদিক সকলে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি কৰ’না যুদ্ধত জঁপিয়াই পৰি সংবাদ পৰিৱেশন কৰাৰ বাবে সংবাদকৰ্মী সকল শলাগৰ যোগ্য৷ ইয়াৰোপৰি জ্যেষ্ঠ সাংবাদিক কাংবুৰা ছিংনাৰে ভাষণ প্ৰসংগত কৰ’না সৃষ্ট পৰিৱেশৰ মাস্ক, ছেনিটাইজাৰ, কোৱাৰেণ্টাইন, বহিঃৰাজ্যৰ পৰা শ্ৰমিকৰ আগমন, তেওঁলোকৰ অভাৱ- অভিযোগ, সাহায্য বিতৰণকে আৰম্ভ কৰি চিকিৎসা ক’ভিডত মৃতকৰ তথ্য আদিৰ বাতৰি পৰিবেশনৰ জৰিয়তে জনসাধাৰণক সংবাদ মাধ্যমেই নিষ্ঠা সহকাৰে জনাই আহিছে ৷
আনহাতে আজিৰ এই পৱিত্ৰ ক্ষণতেই ডিমা হাচাও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত উপসঞ্চালক শেখৰ ইংতি দ্বাৰা ৰচিত “THE IMPECT OF GOVT.ADVERTISEMENT POLICY TO CREATE MASS AWARNESS” এখন পুথি ৰ শুভ উন্মোচন কৰে ইএম











