ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফু ৰাংছিনা ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি উন্মোচন কৰা হয় এখন বিশেষ গ্ৰন্থ। কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অসম ভলীবল সন্থাৰ প্ৰাক্তন সম্পাদক তিলকান্ত ফুকনৰ বৰ্ণময় জীৱনৰ ওপৰত “জীৱন বীথিকা তিলকান্ত ফুকন” নামেৰে এখনি অভিনন্দন গ্ৰন্থ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙে। এই উপলক্ষে বিশিষ্ট উপন্যাসিক আজিত ছিংনাৰৰ পৌৰহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা।

জীৱন বীথিকাৰ মধ্যমণি তিলকান্ত ফুকনৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি পদ্মশ্ৰী ৰংবং তেৰাঙে তিলকান্ত ফুকনক এক জীৱন্ত কিংবদন্তি আখ্যা দি কয় যে ফুকনৰ অৱদান হাওৰাঘাট, কাৰ্বি আংলঙৰ লগতে অসমৰ বুকুতো চিৰদিন জিলিকি ৰ’ব। উল্লেখ্য যে তিলকান্ত ফুকনে নিজৰ ভাষণ প্ৰসংগত গ্ৰন্থখনৰ সম্পাদক ভৱপ্ৰসাদ দেউৰী আৰু সহযোগী সম্পাদক কৰবী ডেকা ফুকনক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে নিজৰ পিতৃৰ জীৱনজোৰা সাধনাক জীৱিত অৱস্থাতে এখন গ্ৰন্থৰ ৰূপ দিবলৈ সক্ষম হোৱাত উৎফুল্লিত তেখেতৰ বৰজীয়ৰী কৰবী ডেকা ফুকন।












