![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজিৰে পৰা নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে অনিদিষ্টিকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্বি ছাত্ৰ সন্থাৰ। কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী দলদলি সংৰক্ষিত বনাঞ্চল এলেকাত নগাৰ বেদখলৰ প্ৰসংগক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত কাৰ্বি আংলং জিলাত উত্তেজনা অব্যাহত থকাৰ সময়তে দুয়োখন চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজিৰে পৰা নগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি জিলাখনৰ কেইবাটাও জাতীয় দল-সংগঠনে।
কাৰ্বি আংলংৰ ভূমিক সুৰক্ষা প্ৰদান কৰাত কাৰ্বি স্বায়ত্ব পৰিষদ ব্যৰ্থ হোৱাৰ উপৰি অসম চৰকাৰৰো সদিচ্ছাৰ অভাৱৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ।

সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম আৰু নগালেণ্ড চৰকাৰে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰা, কাৰ্বি আংলংৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ ৰিলান বস্তিৰ ১০১১ একৰ ভূমিত নগালেণ্ড চৰকাৰে অবৈধভাৱে প্ৰদান কৰা মাটিৰ পট্টাসমূহ বাতিল কৰা, কাৰ্বি আংলংৰ মাটিত নগালেণ্ড চৰকাৰৰ সমৰ্থনত একাংশ লোকে নিৰ্মাণ কৰা গৃহসমূহ উচ্ছেদ কৰা, নগা দুৰ্বৃত্তই ইতিমধ্যে ভাঙি পেলোৱা দুয়োখন ৰাজ্যৰ সীমা এলেকাত থকা খুঁটিসমূহ পুনৰ নিৰ্মাণ কৰা, অসমৰ মাটিত নগালেণ্ড চৰকাৰে নিৰ্মাণ কৰা আই আৰ বি এনৰ শিবিৰ উঠাই নিয়া, সীমান্ত এলেকাত কাৰ্বি আংলংৰ বন বিভাগে তহলৰ বাবে নিৰ্মাণ কৰা পথৰ নিৰ্মাণকাৰ্যত নগা দুৰ্বৃত্তই প্ৰদান কৰি অহা বাধা নোহোৱাৰ ব্যৱস্থা কৰা আৰু নগালেণ্ড চৰকাৰৰ তৰফৰ পৰা কাৰ্বি আংলংৰ মাটিত বিদ্যুৎ সংযোগৰ বাবে স্থাপন কৰা খুঁটাসমূহ উঠাই নিয়া আদি বিভিন্ন দাবীত কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত KSYC, KUYA, KFA, KLNLF, UKYA, JACAS, AJYCP, AATSA আদিকে ধৰি পাহাৰীয়া জিলাখনৰ প্ৰায় ১৫টা সংগঠনে নগালেণ্ডৰ বিৰুদ্ধে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।
জাতি মাটি আৰু ভেটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰক প্ৰথমে ৰাজ্যৰ চাৰিসীমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায় প্ৰতিবাদী দল-সংগঠনৰ নেতৃত্বই। এই অৱৰোধৰ পৰা অত্যাৱশ্যকীয় সেৱা আৰু ব্যক্তিগত যান-বাহনসমূহক ৰেহাই দিয়াৰ ঘোষণা দল-সংগঠনৰ।











