ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙ জিলাৰ সদৰ চহৰ ডিফুত পুনৰ সক্ৰিয় হৈ পৰিছে একাংশ দুৰ্বৃত্তৰ কাৰ্যকলাপ ৷ মঙলবাৰে সন্ধিয়া ডিফুত অস্ত্ৰ-শস্ত্ৰসহ এজন দুৰ্বৃত্তক আটক কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি মঙলবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ পমখেদি ডিফু থানাৰ অ’চি চিৰাজ ইংতিৰ নেতৃত্বত সংগীয় ষ্টাফ আৰু বেটেলিয়ান জোৱানসহ ডিফু লামডিঙ পথৰ ৫ কিলোত মণিৰাম ৰংফাৰৰ ঘৰত অভিযান চলাই এটা .২২ পিষ্টল, ২ টা ৱাকি টকী, ৬ জাঁই সজীৱ গুলী দুযোৰ সামৰিক পোছাক আৰু ১ টা চাৰ্জাৰ উদ্ধাৰ কৰাৰ লগতে মণিৰাম ৰংফাৰক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত মনিৰাম ৰংফাৰে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি মণিৰাম ৰংফাৰ আৰু তেওঁৰ সতীৰ্থসকলে অপহৰণ আৰু ডকাইতি কাৰ্যৰ পৰিকল্পনা কৰিছিল ৷ আৰক্ষীয়ে মণিৰামৰ সতীৰ্থক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷
আনহাতে আৰক্ষীয়ে এই সন্দৰ্ভত ডিফু থানাত ২২০/২০২০ নম্বৰত এক গোছৰ ৰুজো দিয়াৰ লগতে অভিযুক্তক ডিফু আদালতত হাজিৰ কৰাই ৪ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে বুলি জানিব দিছে ৷