ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুতো বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় চৰকাৰৰ অ’বিচিত অন্তৰ্ভূক্ত কৰাৰ দাবীত শস্ৰাধিক প্ৰতিবাদকাৰীয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা ১১টা বজাৰ পৰা বিয়লি ৩ বজালৈ অৱস্থান ধৰ্মঘটত উপস্থিত আছিল ক্ৰমে, সদৌ বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ডিফু আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বংকিম সিনহা সভাপতি অশ্বিনী সিনহা, সদৌ বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে, জন সিনহা আৰু প্ৰিয়তম সিনহা ৷
উল্লেখযোগ্য যে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ কেন্দ্ৰীয় সভাপতি অনিল সিংহ গৌতমে তেওঁৰ উদাত্ত ভাষণত কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যদি এখোজ আগুৱাই আহি এই বিশেষ সম্প্ৰদায়ৰ উক্ত দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰে তেতিয়া ভৱিষ্যতে এই সম্প্ৰদায়ে যৌথ বিজেপি চৰকাৰক সমৰ্থন দিয়াৰ বাবে বাধ্য থাকিব৷ উক্ত দাবীৰ প্ৰতি চৰকাৰে সমৰ্থন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷
আনহাতে উক্ত দাবীলৈ আজি ৰাজ্যৰ ডিফুৰ লগতে বোকাজান, নগাওঁ, তিনিচুকীয়া, যোৰহাট, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি অনিল বাবুৱে জানিবলৈ দিয়ে ৷ ধৰ্মঘটৰ অন্তত কাৰবি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবী সম্বলিত এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়৷