নিউজ ডেস্কঃ
আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জো বাইডেন মন্ত্ৰীসভাৰ ৬জন সম্ভাব্য মন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে। স্থানীয় সময় মতে সোমবাৰে এই মন্ত্ৰী কেইজনৰ নাম বাইডেনে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
সেই অনুযায়ী, পূৰ্বৰ বিদেশমন্ত্রী জন কেৰিক জলবায়ু বিষয়ক বিশেষ প্রতিনিধিৰ দায়িত্ব দিয়া হৈছে। বাৰাক ওবামাৰ শাসনকালৰ উপ বৈদেশিকমন্ত্রী এন্টনি ব্লিংকেনক দিয়া হৈছে বাইডেন প্রশাসনৰ বৈদেশিকমন্ত্রীৰ দায়িত্ব। জেক ছুলিভানক দিয়া হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ দায়িত্ব। আনহাতে, বাইডেন মন্ত্ৰীসভাত স্থান লাভ কৰা আন তিনিজন সদস্য হৈছে আভ্যন্তৰীণ নিৰাপত্তা বিষয়ক মন্ত্রী আলেকজেণ্ডাৰ মায়োৰকাছ, ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্থায়ী প্রতিনিধি লিণ্ডা থমাছ-গ্রিনফিল্ড আৰু ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰিচালক এভৰিল হাইনেছ।