নিউজ ডেস্কঃ
বিশ্বৰ ধনীৰ তালিকাত দুই নম্বৰ স্থানলৈ উন্নীত হ’ল ‘টেছলা’, ‘স্পেচ এক্স’ৰ মালিক এলেন মাস্ক। সম্পত্তিৰ হিচাবত তেওঁ ‘মাইক্র’ছফট’ কোম্পানীৰ কর্ণধাৰ বিল গেটছক তালিকাৰ পৰা স্থানচ্যুত কৰি ৩৫ নম্বৰ স্থানৰ পৰা দুই নম্বৰ স্থান দখল কৰে। আনহাতে, তালিকাৰ শীৰ্ষ স্থানত এতিয়াও আমাজনৰ মালিক জেফ বেজোছ আছে। বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত গেটছৰ বৰ্তমান স্থান হৈছে তিনি নম্বৰ। উল্লেখযোগ্য যে তালিকাত ১০ নম্বৰত আছে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানী।
‘ব্লুমবার্গ বিলিঅনিয়াৰ ইনডেক্স’ৰ সোমবাৰে প্ৰকাশিত শেহতীয়া তথ্য মতে, এলেন মাস্কৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হৈ হৈছে ১২ হাজাৰ ৭৯০ কোটি ডলাৰ। আনহাতে, গেটছৰ সম্পত্তিৰ পৰিমাণ ১২ হাজাৰ ৭৭০ কোটি ডলাৰ।