নিউজ ডেস্কঃ
কেন্দ্ৰীয় চৰকাৰে মঙ্গলবাৰে ভাৰতত ৪৩টা চীনা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰে। “ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, প্ৰতিৰক্ষা, সুৰক্ষা আৰু ৰাজহুৱা জনস্বাৰ্থ”ৰ পৰিপন্থী কাৰ্যকলাপত জড়িতৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯-এৰ অধীনত ইলেক্ট্ৰনিক আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
গৃহ মন্ত্ৰালয়ৰ অধীনত থকা ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয়ক কেন্দ্ৰৰ পৰা প্ৰাপ্ত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মন্ত্ৰালয়ে ভাৰতত এই এপবোৰ বন্ধ কৰাৰ আদেশ জাৰি কৰিছে।