নিউজ ডেস্কঃ
ভাৰতত ৫-জি নেটৱর্কৰ সূচনা কৰিব ৰিলায়েন্স জিঅ’ই। মঙলবাৰে ৰিলায়েন্স জিঅ’ৰ কৰ্ণধাৰ মুকেশ আম্বানিয়ে কয়, আগন্তুক বছৰতেই তেওঁৰ কোম্পানীয়ে ৫-জি সেৱা বজাৰলৈ আনিবলৈ আগবাঢ়িছে। সম্পূৰ্ণ স্বতন্ত্রভাবে ৰিলায়েন্সে এই সেৱা আৰম্ভ কৰিব বুলিও তেওঁ লগতে জনায়।
আজি ইণ্ডিয়া মোবাইল কংগ্রেছে ঘোষণা কৰে যে অহা বছৰৰ মাজভাগত দেশত ৫-জি সেৱাৰ সূচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মুকেশ আম্বানিয়ে কয়, ‘‘বৰ্তমান বিশ্বৰ ভিতৰত সকলোতকৈ ভাল ডিজিটেল সেৱা ভাৰতত। সেই বিপ্লৱ অব্যাহত ৰাখিবলৈ ৫-জি সেৱা প্ৰৱৰ্তন কৰিব লাগিব। লগতে সেই সেৱা সর্বত্ৰে আৰু সস্তাত দিব লাগিব। আমি আশ্বস্ত কৰিছোঁ, ২০২১ৰ মাজমানতেই এই ৫-জি বিপ্লৱত ভাৰতে নেতৃত্ব দিব। ইয়াৰ বাবে প্ৰয়োজনীয় প্রযুক্তি, হার্ডৱেৰৰ পৰা সকলোৱেই নিৰ্মাণ হ’ব ভাৰতত।’’