নিউজ ডেস্কঃ
এমবিবিএছ পাঠ্যক্ৰমৰ সময়সীমা চাৰে পাঁচ বছৰৰ পৰা কমাই চাৰে চাৰি বছৰ কৰাৰ প্রস্তাৱ দিলে আয়ুস মন্ত্রী শ্রীপদ ইয়েছো নায়কৰ নেতৃত্বাধীন পাঁচ সদস্যৰ মন্ত্রী পেনেলে। এই চাৰে চাৰি বছৰৰ ভিতৰত থাকিব এবছৰৰ ইন্টার্নশ্বিপো। তাৰ উপৰি, এমবিবিএছ ডিগ্রী প্ৰদানৰ পূৰ্বে শিক্ষাৰ্থীসকলৰ বাধ্যতামূলক দুবছৰৰ গ্ৰামাঞ্চলত পোষ্টিঙৰ কথাও কোৱা হৈছে এই প্রস্তাৱত। কোভিড পৰৱর্তী পৰিৱর্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাবৰ বাবেই সলনি অনাৰ কথা কোৱা হৈছে বুলি প্ৰকাশ।
এক সর্বভাৰতীয় সংবাদপত্রৰ সহায়ত তৈয়াৰ কৰা ৰিপোর্ট চৰকাৰৰ ওচৰত জমা দিছিল কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিং, অশ্বিনী কুমাৰ চৌবে, ৰতনলাল কাটাৰিয়া আৰু দেবশ্রী চৌধুৰীয়ে। ‘কনভাৰটিং এডভাৰছিটি ইনটু অপৰচুনিটি টু ষ্ট্ৰেংডেন হেল্থকেয়াৰ ইন ইনফ্রাষ্ট্ৰাকচাৰ ইন পোষ্ট-কোভিড-১৯ ইণ্ডিয়া’ শীর্ষক ৰিপোর্টত কোৱা হয়, দীর্ঘম্যাদী ভিত্তিত স্বাস্থ্য খণ্ডত বহুখিনি গুৰুত্বপূর্ণ বিষয়ত সলনি অনাৰ সুযোগ কৰি দিছে বর্তমান কোভিড সমস্যাই। এয়াও কোৱা হৈছে, প্রাথমিক স্বাস্থ্যসেৱাত দক্ষতা, স্বচ্ছতা আৰু কার্যকাৰিতা আনিবলৈ কেৱল চৰকাৰী স্বাস্থ্যবীমা ব্যৱস্থাই যথেষ্ট নহয়।
প্রস্তাৱত এয়াও কোৱা হৈছে, এমবিবিএছ ডিগ্ৰীৰ সময়সীমা কমোৱাৰ প্ৰয়োজন আৰু বেছি পৰিমাণত জ্ঞানলাভৰ বাবে হাতে-কামে কাম কৰাৰ গুণগত মান বৃদ্ধিৰ সময় আহিছে। বর্তমান বাঢ়ি থকা ৰোগৰ বোজাৰ মোকাবিলা কৰিবলৈ পাঠক্রমতো সংশোধন দৰকাৰ বুলি উল্লেখ কৰা হৈছে ৰিপোর্টটোত।