![]()
নিউজ ডেস্কঃ
অহা ১ জানুৱাৰীৰ পৰা সকলো চাৰিচকীয়া গাড়ীত ফাছটেগ (FASTag) বাধ্যতামূলক ঘোষণা কৰি নির্দেশনা জাৰি কৰিলে কেন্দ্রৰ পথ পৰিবহণ মন্ত্ৰালয়ে।
ফাছটেগ এক ধৰণৰ ডিজিটেল টেগ, যি ৰেডিও ফ্রিকুয়েন্সিৰ আইডেন্টিফিকেচন প্রযুক্তিৰ ওপৰত নির্ভৰশীল। এই নিয়মটো আগন্তুক ২০২১ চনৰ প্রথম দিনৰ পৰাই সকলো চাৰিচকীয়া গাড়ীত কার্যকৰী কৰিব বিচাৰিছে কেন্দ্রীয় চৰকাৰে।
টোল আদায়ৰ বাবে ডিজিটেল আৰু আইটিভিত্তিক আদান-প্রদানৰ প্রচাৰৰ বাবে ২০১৭ চনৰ ১ ডিচেম্বৰৰ আগতে কিনা সকলো পুৰণি গাড়ীতেই ফাছটেগ বাধ্যতামূলক কৰাৰ এক খচৰা বিজ্ঞপ্তি জাৰি কৰিছিল কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে। একে সময়তে তৃতীয়পক্ষৰ গাড়ী বীমাৰ ক্ষেত্রতো ফাছটেগ বাধ্যতামূলক কৰাৰ কথা জনোৱা হৈছিল এই খচৰা বিজ্ঞপ্তিত। শনিবাৰে সেই মর্মেই বাধ্যবাধকতা মানি চলাৰ নির্দেশনা জাৰি কৰিছে মন্ত্ৰালয়ে।
লক্ষ্যণীয় বিষয়টো হ’ল, কেন্দ্রীয় মটৰ ভেহিকল আইন, ১৯৮৯ অনুযায়ী, ২০১৭ চনৰ ১ ডিচেম্বৰৰ পিছত কিনা যিকোনো নতুন চাৰিচকীয়া গাড়ীতেই ফাছটেগ লগোৱাটো বাধ্যতামূলক কৰা হৈছে।
বীমাৰ ক্ষেত্রত
মন্ত্ৰালয়ে বিজ্ঞপ্তিত আৰু জনাইছে, “ফর্ম-৫১ (বীমা প্ৰমাণ-পত্র)ৰ সংশোধনী অনুযায়ী, তৃতীয়পক্ষৰ গাড়ী বীমাৰ ক্ষেত্রতো ফাছটেগ বাধ্যতামূলক। তাত ফাছটেগ আইডিৰ বিৱৰণী উল্লেখ কৰিব লাগিব। এইটো ২০২১ চনৰ এপ্রিল মাহৰ পৰা কার্যকৰী হ’ব।”
ফিটনেছ চার্টিফিকেটৰ ক্ষেত্রত
ইয়াৰ উপৰি মন্ত্ৰালয়ে কৈছে, “গাড়ীৰ ফিটনেছ চার্টিফিকেটৰ পুনর্নবীকৰণৰ ক্ষেত্রতো ফাছটেগ বাধ্যতামূলক। ফাছটেগ লগোৱাৰ পিছতহে প্ৰমাণ-পত্র পুনর্নবীকৰণ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পাৰমিট যান-বাহনৰ বাবে ১ অক্টোবৰৰ পৰা ফাছটেগ বাধ্যতামূলক কৰা হৈছে”।
কী কাৰণত ফাছটেগ?
টোল বুথবোৰত মাচুলৰ বাবে ইলেকট্রনিক্স কৰে আদান-প্রদান আৰু এই কামত গতি আনিবৰ বাবেই ফাছটেগ উদ্ভাৱন কৰে চৰকাৰে।
গাড়ী পঞ্জীয়নৰ বাবে চৰকাৰে ২০১৭ চনৰ পৰা ফাছটেগ বাধ্যতামূলক কৰাৰ পিছত গাড়ী নিৰ্মাণ কোম্পানী বা তেওঁলোকৰ ডিলাৰসকলে এই ফাছটেগ ক্রেতাক দিয়ে। একে সময়তে ফিটনেছ চার্টিফিকেটৰ পুনর্নবীকৰণতো ফাছটেগ বাধ্যতামূলক কৰা হয়। ২০১৯ চনত পৰিবহণ আৰু ৰাজপথ মন্ত্ৰালয়ে জনাইছে, ব্যক্তিগত আৰু বাণিজ্যিক উভয় ধৰণৰ গাড়ীতেই ফাছটেগ ইনস্টল কৰাটো আৱশ্যক।
চলিত বছৰৰ ১ অক্টোবৰৰ পৰা নেচনেল পাৰমিটৰ ক্ষেত্রতো ফাছটেগ বাধ্যতামূলক কৰা হয়। ফাছটেগ লগোৱাৰ ফলত টোল প্লাজাত কেছলেছ উপায়ত লেনদেন হয়। যিটো নেচনেল ইলেকট্রনিক টোল কালেকচন (এনইটিচি) প্রগ্রামৰ অধীনত অন্তর্ভুক্ত হয়।













