নিউজ ডেক্স:
কৃষক আন্দোলনৰ বিৰোধিতা কৰি দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানিত কয় যে কৃষক সকলে বিক্ষোভ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু তেওঁলোকে আন্দোলন কৰা অধিকাৰ কোনো খৰ্ব কৰিব নোৱাৰে।
মুখ্য ন্যায়াধীশ এছএবোবডে উক্ত প্ৰসংগক কেন্দ্ৰ কৰি কয় যে, “তেওঁলোকে কৃষক বিক্ষোভো প্ৰদৰ্শন কৰক কিন্তু কোনো আইনো উলংঘন নকৰক সেই বিষয়টোত গুৰুত্ব দিব লাগিব।” আদালতে কৃষকৰ দুৰ্দশা আৰু আন্দোলনৰ কাৰণ সহানুভূতিৰ প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি ইয়াৰ সমাধান সূত্ৰ আৱিস্কাৰ হ’ব লাগিব বুলিও উল্লেখ কৰে।
এই সম্পৰ্কে আদালতে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে কৃষকৰ সৈতে হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত আইনখন স্থগিত ৰাখিবলৈ প্ৰস্তুত নে বুলি প্ৰশ্ন কৰে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে শুনানিৰ পূৰ্বে কয় যে তেওঁলোকে প্ৰথমে কৃষক আন্দোলনৰ জৰিয়তে অৱৰোধ কৰা পথ আৰু ইয়াৰ জৰিয়তে খৰ্ব হোৱা নাগৰিক অধিকাৰৰ বিষয়ত মন্তব্য কৰিব। ইয়াৰ বৈধতাৰ প্ৰসংগত বৃহস্পতিবাৰে কোনো শুনানি জাৰি কৰা নহয়।













