![]()
২০২১ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এক প্ৰকাৰ খহনীয়া সৃষ্টি হ’বলৈ আগবাঢ়িছে। হাত শিবিৰৰ পৰা গেৰুৱা বসন পিন্ধিবলৈ কাৰ্যত সাজু হৈছে।
বহুকেইজন কংগ্রেছ নেতা। মূলত আগন্তুক নিৰ্বাচনত নিজৰ ভেটি হেৰুওৱাৰ ভয়তে এই কংগ্ৰেছ নেতা কেইজনৰ গেৰুৱা দললৈ আগমনৰ যো-জা বুলি একাংশই ক’ব খোজে। জানিব পৰা মতে কংগ্ৰেছ শিবিৰৰ চাৰিজন নেতাই গেৰুৱা বসন পিন্ধটো একপ্ৰকাৰ নিশ্চিত হৈছে।

ইতিমধ্যে বিজেপিত যোগদান কৰিব বুলি চৰ্চিত হৈ আছে গোলাঘাটৰ কংগ্ৰেছ নেত্ৰী অজন্তা নেওগ। বৰ্তমান কংগ্ৰেছ বিধায়ক অজন্তা নেওগে বিজেপিত যোগদান কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইয়াৰ মাজতে চৰ্চালৈ আহিছে আৰু ৩জন কংগ্ৰেছ নেতাৰ নাম। এওঁলোকৰ ভিতৰত আছে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তির্কী, লখিপুৰৰ বিধায়ক ৰাজদীপ গোৱালা আৰু প্রাক্তন বিধায়ক সুশান্ত বৰগোহাঁইৰ নাম। সূত্ৰ মতে, অহা ২৬ ডিচেম্বৰত অসম ভ্ৰমণলৈ আহিব লগা কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ উপস্থিতিতে উজনি অসমৰ এই কেইগৰাকী প্ৰভাৱশালী নেতাই গেৰুৱা বসন পিন্ধিব।













