ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰহাত শুক্ৰবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ দূৰ্ঘটনা। চাৰিশাখা যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় পথত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী AS 01 GC 1170 নম্বৰৰ ট্ৰেভেলাৰ খনে আৰু AS 02 B 849 নম্বৰৰ মাৰুতি ভানত মৰা এটা খুন্দাত দুয়োখন বাহনৰে মুঠ সাতজনকৈ যাত্ৰী গুৰত্বৰ ভাৱে আহত হয়।
ইয়াৰ উপৰিও ট্ৰেভেলাৰৰ খুন্দাৰ ফলত মাৰুতি খন প্ৰায় বিশ মিটাৰ দূৰত্ব চুচৰি যায়। পিচত স্থানীয় লোকৰ তৎপৰতাত আহতসকলক ১০৮ৰে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।













