![]()
নিউজ ডেস্কঃ
তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভেই নহয় একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলে বিজেপিয়ে। মুঠ ৩৬খন আসনৰ তিৱা স্বায়ত্ত পৰিষদত বিজেপিয়ে ইতিমধ্যে এককভাবে ৩১খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, মিত্ৰদল এজিপি আৰু কংগ্ৰেছে এখনকৈ আসনত আগবাঢ়ি আছে।
ইফালে এই সফলতাত এতিয়া উৎসাহৰ ঢৌ নামিছে বিজেপি শিবিৰত। আৰম্ভ হৈছে বিজয় উৎসৱ। বিজেপিৰ এই বৃহৎ সফলতাৰ বাবে তিৱা জনসাধাৰণক শুভেচ্ছা জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে।












