![]()
অপ্ৰতিৰোধ্য গতিৰে বিজেপিয়ে দখল কৰিলে তিৱা স্বায়ত্ত শাসিত পৰিষদ। মুঠ ৩৬খন আসনৰ তিৱা স্বায়ত্ত শাসিত পৰিষদত একক সংখ্যা গৰিষ্ঠ দল হিচাপে চিহ্নিত হয় বিজেপি। বিজেপিৰ দখললৈ গৈছে ৩৪খন আসন। এই অবিশ্বাস্য বিজয়ত উৎসাহিত বিজেপিৰ প্ৰতিগৰাকী নেতা-কৰ্মী। আৰম্ভ কৰিছে বিজয় উৎসৱ।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে চেমি ফাইনেল আখ্যা দিয়া তিৱা স্বায়ত্ত শাসিত নিৰ্বাচনৰ এই সফলতাই মনোবল বৃদ্ধি কৰিছে বিজেপিৰ। অৱশ্যে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী কোন হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। তাৎপৰ্যপূৰ্ণভাবে এই নিৰ্বাচনত একপ্ৰকাৰ নিশ্চিহ্ন হ’ল কংগ্ৰেছ।












