![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শীঘ্ৰে কাৰ্বি আংলং জিলাৰ প্ৰতিখন গাঁৱত গঠন হ’ব গাঁও পৰিষদৰ (Village Council) ৷ এই মন্তব্য কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৷ শুক্ৰবাৰে জিলাখনৰ ৱ’দেংচিৰিত অনুষ্ঠিত কাৰ্বি পৰম্পৰা ৰীতি-নীতিৰ মূল গুৰি ধৰোতা হাবে, মতীয়াৰ আৰু হেমাই পৰ্যায়ৰ শতাধিক নকবাৰে লংৰি ছাৰ হাবে আমেইৰ তোক্সা (Badge) বিতৰণি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
ইপিনে, কেন্দ্ৰ-ৰাজ্য চৰকাৰ আৰু ইউপিডিএচৰ যি শান্তি চুক্তি ৰূপায়ণ হ’ল সেই চুক্তিৰ আধাৰতেই আজি গাঁও পৰিষদ আদিৰ জড়িয়তে কাৰ্বি আংলং জিলাৰ প্ৰতিখন গাঁৱত দ্ৰত উন্নয়ন হ’ব বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে৷












