![]()
অজন্তা তালুকদাৰ
বোকাখাত : যোৰহাট প্ৰেছ ক্লাবত বৰ্ণিল কাৰ্যসূচীৰে ২০ ডিচেম্বৰত অনুষ্ঠিত হৈ যায় অসমৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ সাহিত্য চৰ্চাৰ গোট “সাহিত্য অন্বেষণ”ৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান ৷ কাৰ্যসূচী অনুসৰি পুৱা বৃক্ষৰোপন কৰে প্ৰকৃতিপ্ৰেমী নবীন বৰুৱাই, বন্তি প্ৰজ্বলন কৰে কবি কেশৱ কুমাৰ শইকীয়াই আৰু মঞ্চ উদ্ধোধন কৰে বিশিষ্ট কবি প্ৰদীপজ্যোতি শইকীয়াই ৷ যোৰহাটৰ “মন যায়” সাংস্কৃতিক গোষ্ঠীৰ মনপৰশা দিহানাম পৰিবেশনৰ পাছতেই সাহিত্য অন্বেষণৰ সভাপতি জোনমণি নামলগোৱাৰ সভাপতিত্বত বৰ্ষপূৰ্তি অনুষ্ঠান উদ্ধোধন কৰে ডিব্ৰুগড়ৰ বিশিষ্ট কবি পবিত্ৰ গগৈয়ে ৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক প্ৰশান্ত কুমাৰ দাস, নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, সুৰজিতা সন্দিকৈ, সুৱৰ্ণ বৰদলৈ, গীতাঞ্জলি কলিতা আদিয়ে ৷ অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল বিশিষ্ট কবি ৰনজিত গগৈ আৰু দীপ হেষ্টিংছ বৰিৰ সঞ্চালনাৰ “শব্দৰ বৰষুণ” শীৰ্ষক কবিতা পাঠ অনুষ্ঠান য’ত স্বৰচিত কবিতা পাঠ কৰে স্বাগতা বৰা, হেমা চৌধুৰী গগৈ, পল্লবীকা বৰুৱা, ৰিজুমণি শইকীয়া বৰদলৈ, এপ’লিনা বৰা, কাব্যশ্ৰী হাজৰিকা, প্ৰশান্ত কুমাৰ দাস, নৃপেন গোস্বামী, ৰতন শদিয়াল, ধন দাস আদি কৰি প্ৰায় দুকুৰি যুৱ তথা বিশিষ্ট কবিয়ে। অনুষ্ঠানত সাহিত্য অন্বেষণৰ মুখ্য সম্পাদক দৃষ্টিৰূপা বৰদলৈ সম্পাদনাত মুখপত্ৰ “শব্দ সুগন্ধি”, নীলিমা বৰাৰ কাব্যপুথি “উন্মনা ৰাগি”, জ্যোৎস্না বৰা শইকীয়াৰ “ঈশ্বৰত্ব লাভ আৰু সন্ন্যাস” আদি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।
অনুষ্ঠানত বহুকেইগৰাকী ব্যক্তি তথা সংগঠনক বিভিন্নক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় ৷ সেইনুসৰি কন্দৰ্প নাথক সৈনিক কবিৰ সন্মান, ৰক্ত দান গোট টীম হিউমেনটিক শ্ৰেষ্ঠ মানৱত্ব সন্মান, ব্লেক উলভছক উদীপ্ত সুৰুয সন্মান, পংকজ বৰুৱা গায়নক সেউজ কণ্ঠ, ৰূপা দাসক সমাজসেৱী সন্মান, গ’ গ্ৰীণ অৰ্গেনাইজেচনক সেউজপ্ৰাণ সন্মান, নবীন বৰুৱাক জনহিতৈষী সন্মান, অমিয়া নেওগ কলিতাক দিহা নাম ৰত্নগৰ্ভা সন্মান প্ৰদান কৰা হয় ৷ সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে দৃষ্টিৰূপা বৰদলৈ, বৰ্ণিল শইকীয়া, কৃষ্ণাজ্যোতি জোনাক, দীপজ্যোতি বৰদলৈদ, দাদুমণি বৰাই ৷













