![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ৰাজ্যত ক্ৰমাত উদ্বেগজনক ভাৱে বৃদ্ধি পাব ধৰিছে হস্তী-মানৱৰ সংঘাত। নিশা হ’লেই বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে বিনিদ্ৰ ৰজনী কটাব লগা হয় গঞাই। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি গজৰাজে এফালৰ পৰা চলাই গৈছে উপদ্ৰৱ। ভাঙি চুৰমাৰ কৰিছে বাসগৃহ। দেওবাৰে নিশা লংকাত দুটাকৈ বন্যহস্তীয়ে চলায়। খাদ্যৰ সন্ধানত লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই অহা দুটা বনৰীয়া হাতীয়ে নিশা প্ৰায় ১০ মান বজাত লংকাৰ পূব উদালী অঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলায় প্ৰায় ৯টাকৈ বাসগৃহ ভাঙি এইদৰে লণ্ড ভণ্ড কৰি থৈ যায়।
তদুপৰি, ভঁৰালৰ ধান খাই ভঁৰাল ভাঙি বিস্তৰ ক্ষতি সাধন কৰে বন্যহস্তী দুটাই। নিশা সন্ত্ৰাস চলোৱা বন্যহস্তী দুটাৰ আক্ৰমণৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা পৰে কেবাটাও পৰিয়ালৰ। বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত হৈ পৰা গঞাই নিশাই বনবিভাগৰ লোকক খবৰ দিয়ে যদিও এইক্ষেত্ৰত বনবিভাগৰ ফালৰ পৰা কোনো সহাৰি লাভ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ৰাইজে।












